peepl-small

মহাজোঁটৰ মহাপতনঃ সভ্যতাৰ যুঁজত মিত্রজোঁটৰ মহাবিজয়

PUBLISHED:

  • মাজুলীত মুখ্যমন্ত্রী সোণোৱালৰ বৃহৎ জয়
  • জালুকবাৰীত অপ্রতিৰোধ্য ড০ হিমন্ত বিশ্ব শর্মা
  • বোকাখাতত অতুল বৰাৰ জয়লাভ
  • কলিয়াবৰত পুনৰ জয়ী কেশৱ মহন্ত
  • পাটাছাৰকুছিত সফল ৰঞ্জিত দাস
  • চাপাগুৰিত ইউ জি ব্রহ্মৰ শেষ হাঁহি

গুৱাহাটীঃ  প্রত্যাশিতভাৱেই অসমত ফুলিল পদুম৷ দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিল৷ এইবাৰ বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপি নেতৃত্বাধীন মহাজোঁটক উৎখাত কৰিবলৈ কংগ্রেছ–এআইইউডিএফ– গণমর্চা–বাঁওপন্থীয়ে মিলি মহাজোঁট গঠন কৰিছিল যদিও দেওবাৰে ঘোষিত জনাদেশৰ ফলাফলত মহাজোঁটৰ মহাপতনহে ঘটিল৷ সভ্যতাৰ যুঁজ ৰূপে পৰিচিত এই নির্বাচনত জনসাধাৰণৰ বিপুল সমর্থনেৰে মিত্রজোঁটেহে মহাবিজয় সাব্যস্ত কৰে৷

ফলত সপোন হৈয়ে ৰ’ল মহাজোঁটৰ চৰকাৰ গঠনৰ আশা৷ অৱশ্যে এই নির্বাচনত কংগ্রেছ–বিপিএফে বিপর্যয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে মহাজোঁটৰ অন্যতম অংশীদাৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ উত্থান পৰিলক্ষিত হয়৷ নির্বাচনী ফলাফল অনুসৰি অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত মিত্রজোঁটে ৭৫টা সমষ্টি দখল কৰাৰ বিপৰীতে মহাজোঁটে ৫০টা সমষ্টিতে সীমাবদ্ধ থাকিবলগীয়া হয়৷

আনহাতে, এবছৰৰো অধিক কালজুৰি কাৰাৰুদ্ধ জীৱন কটোৱা কৃষক মুক্তিৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বন্দিত্বৰ অৱস্থাতেই নির্বাচনত অৱতীর্ণ হয় আৰু দেওবাৰৰ ফলাফলত তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰে৷ নতুন চৰকাৰ গঠনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি সপোন দেখা ৰাইজৰ দলে কার্যতঃ শিৱসাগৰ সমষ্টিৰ বাহিৰে কোনো এটা সমষ্টিতে বিজয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷ একেদৰে নতুন চৰকাৰ গঠনত ফেক্টৰ হ’ব বুলি ঘোষণা কৰা অসম জাতীয় পৰিষদৰ এজনো প্রতিনিধি নির্বাচিত হ’ব নোৱাৰিলে৷ দলটোৰ স্বয়ং সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া দুটাকৈ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিলে যদিও দুয়োটা সমষ্টিতে তেওঁ তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হ’ল৷

মুঠতে সমস্ত নির্বাচনী ফলাফললৈ চালে এটা কথাই স্পষ্ট হৈ পৰিছে যে বিগত পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে অসমৰ সামগ্রিক কল্যাণ আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে গ্রহণ কৰা পদক্ষেপৰ ধাৰা অব্যাহত ৰখাৰ স্বার্থতে এইবাৰৰ নির্বাচনত জনসাধাৰণে পুনৰ মিত্রজোঁটৰ সপক্ষে ব্যাপক হাৰত ৰায়দান কৰে৷ তাৰেই ফলত দ্বিতীয়বাৰৰ বাবে অসমৰ জনসাধাৰণে মিত্রজোঁটক ৰাজ্যৰ শাসনভাৰ অর্পণ কৰে৷নির্বাচন আয়োগৰ পৰা নিশা ১২ বজালৈ লাভ কৰা খবৰ অনুসৰি ৫২টা সমষ্টিত বিজেপি, ৯টা সমষ্টিত অগপ, ৬টা সমষ্টিত ইউ পি পি এল, ২৩টা সমষ্টিত কংগ্রেছ, ১৩টা সমষ্টিত এআইইউডিএফ, ৪টা সমষ্টিত বিপিএফ, এটা সমষ্টিত চিপিআই (এম) আৰু এটা সমষ্টিত নির্দলীয়ই (ৰাইজৰ দল) জয়লাভ কৰিছে৷ সেইদৰে ৭টা সমষ্টিত বিজেপি, ৭টা সমষ্টিত কংগ্রেছ আৰু তিনিটা সমষ্টিত এ আই ইউ ডি এফে অগ্রগতি লাভ কৰি আছে৷

RELATED ARTICLES