peepl-small

গেৰাণ্টী! মহাজোঁটৰ প্রার্থীৰে নাই গেৰাণ্টী

PUBLISHED:

গুৱাহাটীঃ নির্বাচনৰ সময়ত অসমৰ জনসাধাৰণক ৫টা গেৰাণ্টী দিয়া কংগ্রেছে এতিয়া অংশীদাৰ দলৰ গেৰাণ্টীক লৈ সন্দিহান হৈ চৰম অস্বস্তিত পৰিছে৷ মূলতঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক লৈয়েই হর্ছ ট্রেডিঙৰ গভীৰ শংকাত ভুগিছে কংগ্রেছ৷ ইয়াৰ বাবে এ আই ইউ ডি এফৰ প্রার্থীসকলক যোৱা শুকুৰবাৰৰ পৰা ৰাজস্থানৰ জয়পুৰত পঞ্চতাৰকাযুক্ত ফেয়াৰম’ হোটেল ৰিজ’টত আবদ্ধ কৰি ৰখাৰ পাছত কালিৰে পৰা বি পি এফৰ ১০ প্রার্থীৰ লগতে বিটিচিৰ ১৬গৰাকী পাৰিষদক ছত্তিশগড়ৰ ৰাজধানী ৰাইপুৰৰ তাৰকা হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে৷ জয়পুৰত ৰখা এ আই ইউ ডি এফৰ প্রার্থীসকলক এ আই চি চিৰ সম্পাদক পৃথ্বিৰাজ সাথে আৰু ৰাইপুৰত ৰখা বি পি এফৰ প্রার্থীসকলক এ আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়ে সংগদান কৰাৰ লগতে অহৰহ তেওঁলোকক নিৰীক্ষণ কৰি আছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বি পি এফৰ প্রার্থীসকল প্রথম অৱস্থাত ছিংগাপুৰলৈ যাবলৈ বিচাৰিছিল যদিও কংগ্রেছে ক’ভিডজনিত পৰিস্থিতিৰ বাবে তেওঁলোকক বিদেশী ৰাষ্ট্রলৈ যোৱাত বাধা আৰোপ কৰে৷

ইয়াৰ পৰিৱর্তে তেওঁলোকক কংগ্রেছশাসিত ৰাজ্য ছত্তিশগড়লৈ অহাৰ পৰামর্শ দিয়ে আৰু সেইমর্মে কালি নিশাই তেওঁলোক ছত্তিশগড়ত উপস্থিত হয়৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিজেপিৰ হর্ছ ট্রেডিঙৰ সহজ লক্ষ্য মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ আৰু বি পি এফ দল হোৱাৰ ধাৰণা কৰিয়েই দুয়োটা দলৰ প্রার্থীসকলক কংগ্রেছশাসিত ৰাজ্য ৰাজস্থান আৰু ছত্তিশগড়ত ৰখাৰ ব্যৱস্থা কৰিছে৷ সূত্রটোৰ মতে, দুয়োটা দলৰ পৰা নির্বাচিত হ’বলগীয়া বিধায়কৰ সংখ্যা যিহেতু সীমিত হ’ব, সেয়ে দলত্যাগবিৰোধী আইনৰ আওতাত নপৰাকৈ দুয়ো দলৰ পৰা সামান্যসংখ্যক বিধায়ক বিজেপিয়ে লৈ যোৱাটো বিশেষ অসুবিধা নহয়৷ তাৰ বাবেই কংগ্রেছে সেই দল দুটাৰ প্রার্থীসকলক কংগ্রেছৰ নিৰীক্ষণত একেলগে ৰখাৰ ব্যৱস্থা কৰিছে৷ সূত্রটোৱে আৰু প্রকাশ কৰা মতে, এ আই ইউ ডি এফ দল ইতিপূর্বে হর্ছ ট্রেডিঙৰ কবলত পৰা দল৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ সময়তো ৰাজ্যসভা নির্বাচনত সেই সময়ৰ এ আই ইউ ডি এফৰ বিধায়কক কংগ্রেছে হর্ছ ট্রেডিং কৰিবলৈ সক্ষম হৈছিল৷

দলৰ সভাপতি বদৰুদ্দিন আজমলেও সেই হর্ছ ট্রেডিঙৰ পৰা দলটোক ৰক্ষা কৰিব পৰা নাছিল৷ পূর্বৰ সেই অভিজ্ঞতাৰ ভিত্তিতে এইবাৰো ধন আৰু ক্ষমতাৰ বিনিময়ত সময়ত এ আই ইউ ডি এফৰ নির্বাচিত কিছু বিধায়ক বিজেপিলৈ যোৱাৰ সম্ভাৱনা নুই কৰা নাই৷ তাৰ বাবেই এতিয়াৰে পৰাই এ আই ইউ ডি এফৰ প্রতিগৰাকী প্রার্থীকে কংগ্রেছে কার্যতঃ নিজৰ জিম্মাত ৰখাৰ ব্যৱস্থা কৰিছে৷ সেইদৰে বি পি এফকো কংগ্রেছে সন্দেহৰ ঊর্ধ্বত ল’ব বিচৰা নাই৷ সমগ্র ৰাজনৈতিক জীৱনছোৱাত হাগ্রামা মহিলাৰীয়ে সদায় শাসক পক্ষৰ লগত থকাৰ উচ্চাকাংক্ষা প্রদর্শন কৰি অহাই নহয়, মুকলিমূৰীয়াকৈ তেওঁৰ এই স্থিতিৰ বিষয়ে বাৰম্বাৰ প্রকাশ কৰি আহিছে৷

তদুপৰি হাগ্রামা মহিলাৰীৰ মূল লক্ষ্য হ’ল পুনৰ বিটিচিৰ শাসনত অধিষ্ঠিত হোৱা৷ এইবাৰ বিধানসভা নির্বাচনত মহিলাৰীৰ বি পি এফ দলে ইউ পি পি এল দলতকৈ যদি অধিক আসন লাভ কৰে আৰু দিছপুৰত বিজেপি মিত্রজোঁটক চৰকাৰ গঠনৰ বাবে আনৰ সহায়ৰ প্রয়োজন হয়, নিশ্চিতভাৱে পুৰণা মিত্র হিচাপে বিজেপিয়ে বি পি এফকেই বিচাৰিব বুলি কংগ্রেছে ধাৰণা কৰে৷ নির্বাচনোত্তৰ পৰিস্থিতিলৈ চাই বিজেপি মিত্রজোঁটে বিটিচিৰ শাসনভাৰ বি পি এফক অর্পণ কৰিলেই মুহূর্তৰ ভিতৰতে ‘গেৰাণ্টীহীন’ বি পি এফ দল বিজেপিৰ মিত্র শক্তিত পৰিণত হোৱাৰ সম্ভাৱনা মুঠেই উলাই কৰিব বিচৰা নাই কংগ্রেছে৷ তাৰ বাবেই বি পি এফৰো প্রার্থীসকলক কংগ্রেছে ৰাইপুৰৰ তাৰকা হোটেলত ৰখাৰ ব্যৱস্থা কৰিছে৷ ইপিনে হর্ছ ট্রেডিঙৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই বি পি এফৰ উপ–সভানেত্রী মন্ত্রী প্রমীলাৰাণী ব্রহ্মই৷ অৱশ্যে মন্ত্রী ব্রহ্মই দলৰ আনসকল প্রার্থীৰ দৰে ৰাইপুৰলৈ যোৱাৰ পৰিৱর্তে নিজ সমষ্টিতে বাহৰ পাতি আছে৷ আজি সংবাদ মাধ্যমৰ আগত ব্রহ্মই কয় যে দলৰ জ্যেষ্ঠ নেতা মন্ত্রী চন্দন ব্রহ্মই পুৰুষ প্রার্থীসকলক বাহিৰলৈ লৈ গৈছে৷ আগেয়েও চন্দন ব্রহ্মই তেনেদৰে প্রার্থীসকলক বাহিৰলৈ ফুৰাবলৈ নিয়ে৷ এইবাৰো নিছে৷ হর্ছ ট্রেডিঙৰ প্রসংগত তেওঁ কয় যে নির্বাচনী ফলাফলৰ পাছত হর্ছ ট্রেডিঙৰ বিষয়টো ৰোধ কৰাৰ বাবে অধিক ছিৰিয়াছ হ’ব লাগিব৷ হর্ছ ট্রেডিঙৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি৷

RELATED ARTICLES