বিধায়কগৰাকীৰ মতে, মুখ্যমন্ত্রী পদৰ বাবে ৰিপুণ বৰা, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু আব্দুল খালেক উপযুক্ত আৰু যোগ্য প্রার্থী৷ আৰু যদি মুছলমানৰ মুখ্যমন্ত্রী হয়, তেন্তে ৰকিবুল হুছেইন নাইবা আব্দুল খালেক হ’ব লাগে বুলি দাবী কৰে বিধায়কগৰাকীয়ে৷ কাৰণ আগন্তুক বিধানসভাত মুছলমানৰ বিধায়ক গৰিষ্ঠসংখ্যক হ’ব৷
একেদৰে যদি বিজেপিৰ চৰকাৰ হয়, তেন্তে মুখ্যমন্ত্রী পুনৰ সর্বানন্দ সোণোৱালক পাতিব নালগে৷ মুখ্যমন্ত্রীৰ নামত সর্বানন্দ সোণোৱাল এটা মূর্তি৷ কোনো কাম নাই তেওঁৰ৷ সর্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্রী হ’লে এইবাৰ অসমখন চিধা গুজৰাটী বেপাৰীৰ হাতত বিক্রী কৰিব৷ সর্বানন্দ সোণোৱাল এইবাৰ মুখ্যমন্ত্রী হ’লে অসমৰ পাহাৰ, পর্বতবোৰ বিক্রী কৰিব৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এগৰাকী ভাল মানুহ৷ বিতর্কিত মন্তব্যবোৰ তেওঁ নকৰে, তেওঁৰ দ্বাৰা কোৱাহে হয় বুলি ৰছিদ আলমে প্রকাশ কৰে৷