peepl-small

শ্রীশ্রীমাধৱদেৱৰ আৱির্ভাৱ তিথিত ঢ়েকীয়াখোৱাত ৫ ভকতৰ প্রসংগ

PUBLISHED:

গুৱাহাটীঃ বৃহস্পতিবাৰে মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ ৫৩৩সংখ্যক আৱির্ভাৱ তিথি৷ সেই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰি থৈ যোৱা তথা বর্তমান উজনি অসমৰ অন্যতম পীঠস্থান হিচাপে পৰিচিত যোৰহাটৰ ঐতিহাসিক ঢ়েকীয়াখোৱা বৰনামঘৰত মাথোঁ আনুষ্ঠানিকতা ৰক্ষা কৰি গুৰুজনাক স্মৰণ কৰে৷ পুৱাই মহাপুৰুষজনাই জ্বলাই যোৱা অক্ষয় বন্তিগছিত তেল অর্পণ কৰি পাঁচজন ভকত–বৈষ্ণৱে নাম–প্রসংগ কৰে৷ স্বাভাৱিকতে মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী প্রতিবছৰেই উলহ–মালহেৰে আয়োজন কৰে বৰনামঘৰ কর্তৃপক্ষই৷ অসমৰ ভিন্ন প্রান্তৰ পৰা অসমীয়া সমাজত পৱিত্র দিন হিচাপে চিহ্ণিত আৱির্ভাৱ তিথিৰ দিনা অগণন দর্শনার্থীৰ সমাগম ঘটে৷ কিন্তু এইবাৰ বিপৰীত দৃশ্য৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে নামঘৰ কর্তৃপক্ষই কেৱল পৰম্পৰা ৰক্ষা কৰে আৰু দর্শনার্থী, ভকত–বৈষ্ণৱৰো সমাগম নাই৷

এই সন্দর্ভত বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্রবীণ কলিতাই অৱগত কৰা অনুসৰি মহামাৰীৰূপী ক’ভিডৰ পৰা হাত সৰিবলৈ চৰকাৰে ঘোষণা কৰা কঠোৰ নীতি–নির্দেশনালৈ সহযোগিতা জনাই এইবাৰ অনুষ্টুপীয়াকৈ গুৰুজনাৰ জন্মজয়ন্তী আয়োজন কৰে আৰু গুৰুজনাৰ আৱির্ভাৱ তিথিৰ পৱিত্র ক্ষণত তেওঁ জ্বলাই যোৱা অক্ষয় বন্তিত তেল অর্পণ কৰি দেশ, জাতিৰ মংগল কামনা কৰে৷

উল্লেখ্য যে সুদূৰ নগা পাহাৰৰ পৰা অকোৱা–পকোৱা বাটেৰে বৈ অহা বুঢ়ীদিহাৰে শংকৰ গুৰুজনাক লগ পাবলৈ মাধৱদেৱ ভটিয়াই আহোঁতে এটা বৃদ্ধ দম্পতীৰ গৃহত এৰাতি কটাইছিল৷ পিছদিনা পুৱা অন্ন ভোজনৰ পূর্বে পুৱাই বুঢ়ীদিহাৰ পাৰতেই চাৰি খুঁটি মাৰি গুৰুজনাই ঔটেঙাৰ বালিত এগছি বন্তি জ্বলাই সেৱা ধৰিছিল বুলি জনবিশ্বাস আছে আৰু তেওঁ জ্বলাই যোৱা চিৰপ্রজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ৷ ঢ়েকীয়াখোৱা বৰনামঘৰৰ সমান্তৰালভাৱে এই পৱিত্র তিথিত নামঘৰসমূহত যদিও নাম–প্রসংগ নাই, তথাপি অসমীয়া সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই জাতিক চহকী কৰি থৈ যোৱা শ্রীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱক আন্তঃকৰণেৰে সকলোৱে স্মৰণ কৰে৷

মাধৱদেৱৰ জন্ম জয়ন্তীত প্রথমবাৰলৈ উপস্থিত নাথাকিল কোনো তীর্থযাত্রী

বৃহস্পতিবাৰে অসমীয়াৰ জাতীয় জীৱনৰ আনগৰাকী মহান কাণ্ডাৰী মহাপুৰুষ মাধৱদেৱৰ ৫৩২সংখ্যক জন্ম জয়ন্তীৰ দিনটোত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত কালিৰ দৰে একেই নিমাওমাও পৰিৱেশ বিৰাজ কৰে৷ পৰম্পৰা অনুসৰি ১৬৫৬ খ্রীষ্টাব্দত বটদ্রৱা থান উদ্ধাৰৰ সময়ৰ পৰাই প্রতিবছৰে মাধৱদেৱৰ জন্ম জয়ন্তী দিনটোত উলহ–মালহেৰে উদ্যাপন কৰা হয়৷ কিন্তু ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে এইবেলি গুৰুজনাৰ জন্মস্থানৰ সেই পৰিৱেশ নাই৷ নাই তীর্থযাত্রী, নাই পূর্বৰ দৰে ভকত–বৈষ্ণৱ৷ সম্পূর্ণ চৰকাৰী ক’ভিড প্রট’কল ৰক্ষা কৰি চলাই গৈছে নিত্য নৈমিত্তিক চৈধ্য প্রসংগ৷বটদ্রৱা থানৰ ইতিহাসত পোনপ্রথমবাৰৰ বাবে এগৰাকী ভকতে নাম–প্রসংগ কৰি উদ্যাপন কৰিব লগা হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তীৰ প্রসংগ প্রণালী৷

RELATED ARTICLES