peepl-small

AJPত যোগ দি কি ক’লে লুৰিণজ্যোতি গগৈয়ে?

PUBLISHED:

গুৱাহাটীঃ আজি আনুষ্ঠানিকভাৱে AJPত যোগদান কৰিলে লুৰিণজ্যেতি গগৈয়ে (Lurinjyoti Gogoi)। সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সম্পাদক লুৰিণজ্যোতি গগৈয়ে শিৱসাগৰত অনুষ্ঠিত হোৱা অভিৱৰ্তন অনুষ্ঠানত যোগদান কৰে।

যোগদান কৰিয়েই সাংবাদিকৰ আগত লুৰিণজ্যোতি গগৈয়ে কয় যে এয়া মোৰ যাত্ৰা নহয়, জাতীয় জীৱনৰ যাত্ৰা। আৰু ৰাইজে বিচৰা সোণৰ অসমখন আগন্তুক দিনত ৰাইজে পাব। এতিয়া অসমৰ জনগণ শংকাত আছে সাম্প্ৰদায়িক বাতাবৰণ এটা সৃষ্টি কৰি মানুহৰ মাজত এটা সাতামপুৰুষীয়া ঐক্য সমন্বয় বিঘ্নিত কৰি সামাজিক ভৱিষ্যত সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি থকা হৈছে। এই সংকটৰ পৰা উদ্ধাৰ হোৱা বাট-পথ কি? জাতিয়ে এটা স্বাভিমানী সত্ত্বা হৈ জীয়াই থাকিব বিচাৰিছে। ভাষা-কৃষ্টি সংস্কৃতি আদি লৈ সুকীয়াকৈ জীয়াই থাকিবলৈ। কিন্তু এইবোৰক চেপি-খুন্দি এক আগ্ৰাসী, প্ৰভূত্ববাদী মনোভাৱৰে সকলো নিঃশেষ কৰিবলৈ অহৰহ চেষ্টা কৰি থকা হৈছে।

গতিকে এই সময়ত ৰাজনৈতিকভাৱে অসমৰ সমাজ জীৱনক নতুন পথ দিয়াৰ প্ৰয়োজন আছে। গণতান্ত্ৰিক এখন সমাজ, এটা ব্যৱস্থাৰ প্ৰয়োজন হৈছে। ইয়াত সকলোধৰণৰ কথা-বতৰা ৰাজনৈতিকভাৱেই হ’ব। গতিকে স্বাভিমানী, জাতীয় চেতনাৰে উদ্বুদ্ধ এটা ৰাজনৈতিক সত্ত্বাই আত্মপ্ৰকাশ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। মানুহৰ মাজত ইয়াৰ চিন্তা-চৰ্চা চলিছে। এই যাত্ৰা অসমৰ জনগণৰ সপোনৰ যাত্ৰা। ইয়াত সকলো জাতি-জনগোষ্ঠীয়ে একেলগে আগবাঢ়িব পাৰিব।

এই যাত্ৰাত মই যোদ্ধা, অসমবাসী ৰাইজৰ পৰা এই পবিত্ৰক্ষণত মই আৰ্শীবাদ বিচাৰিছো। জাতীয় জীৱনৰ চেতনাৰ আদৰ্শৰ আধাৰত মই এজন সৈনিক। অসমৰ ৰাইজে নিজৰ যাত্ৰা বুলি ভাৱি এই যাত্ৰাত সহায় কৰক আৰু সমালোচনা কৰক, কাৰণ এই সমালোচনা মোৰ বাবে সহায়ক হ’ব।

সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা জন্ম হোৱা প্ৰতিজন লোকেই গাদ্দাৰ কৰিছে। নিজৰ সত্ত্বাক বিক্ৰী কৰিছে। তেনেকুৱা জাতীয়তাবাদ নালাগে, স্বাভিমানী জাতীয়তাবাদ আমাক লাগে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

RELATED ARTICLES