peepl-small

লুৰিণজ্যোতিৰ মাতৃ দুলু গগৈৰ বিয়োগ

PUBLISHED:

গুৱাহাটীত: সংকটজনক অৱস্থাত ডিব্রুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ (৬০)ৰ বুধবাৰে নিশা ১০.৪৫ বজাত মৃত্যু হয়৷ যোৱা ২৯ মার্চত প্রেছাৰ ষ্ট্রোক হৈ হঠাৎ অসুস্থ হৈ পৰা দুলু গগৈক ততাতৈয়াকৈ ডিব্রুগড়ৰ সঞ্জীৱনী নার্ছিং হোমত ভর্তি কৰোৱা হৈছিল৷ তিনিচুকীয়াৰ লাইপুলিস্থিত নিজা বাসগৃহত ঘৰুৱা কামত ব্যস্ত থকা অৱস্থাতে উচ্চ ৰক্তচাপৰ ফলত ষ্ট্রোক হৈ বহু সময় অচেতন হৈ পৰি আছিল লুৰিণৰ মাতৃ৷

পাছত পৰিয়ালৰ লোকে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি কৰায়৷ যোৱাকেইদিন চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ থকা দুলু গগৈৰ মগজুৰ সোঁফালে অত্যধিক ৰক্তক্ষৰণ হৈ তেজ জমা হোৱাৰ ফলত সংকটজনক অৱস্থাত থকাৰ পাছত বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখ্য যে মাতৃৰ অসুস্থতাৰ বাবে নির্বাচনী কার্যসূচীৰ পৰা আঁতৰি থকা লুৰিণজ্যোতি গগৈয়ে শেহতীয়াকৈ নির্বাচনৰ প্রচাৰ অভিযানত নামি পৰিছিল৷ বুধবাৰে হাজোত অসম জাতীয় পৰিষদৰ প্রার্থীৰ হৈ প্রচাৰ অভিযানত ব্যস্ত থকাৰ পাছত নিশা গুৱাহাটীতে কটোৱাৰ কথা আছিল যদিও মাতৃৰ বিয়োগৰ খবৰ পাই লগে লগে ডিব্রুগড় অভিমুখে যাত্রা কৰে৷

RELATED ARTICLES