peepl-small

AJPৰ সভাপতি পদত লুৰিণজ্যোতি গগৈ

PUBLISHED:

গুৱাহাটীঃ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজি দ্বিতীয় দিন।

 আজি গঠন হAJPৰ কেন্দ্ৰীয় সমিতি লগতে নৱগঠিত দলটোৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম।

সেই অনুসৰি AJPৰ সভাপতি পদত লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদকৰ পদত জগদীশ ভূঞা। 

 অভিৱৰ্তনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে লুৰিণজ্যেতি গগৈৰ মাতৃ। সমাজ সেৱাৰ লগতে ৰাইজৰ বাবে আগবাঢ়ি যোৱা পুত্ৰক একাজলি আৰ্শীবাদ দিবলৈ উপস্থিত হয়গৈ মাতৃ।

 সভাপতিৰ পদ গ্ৰহণ কৰিয়েই লুৰিণজ্যোতি গগৈয়ে কয় যে এই শুভক্ষণত আমি ৰাইজৰ পৰা আৰ্শীবাদ-শুভাশীষ বিচাৰিছো।

 অসম জাতীয় পৰিষদৰ যোগেদি আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যি আশা যি সপোন এখন স্বাভিমানী অসমৰ জনগণৰ প্ৰভুত্ব থকা এখন অসম, সাম্প্ৰদায়িকতাহীন এখন অসম বিচাৰে যত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকে সুন্দৰকৈ নিজৰ জীৱনশৈলী আগবঢ়াই নিব পাৰে।

RELATED ARTICLES