peepl-small

সন্দেহযুক্ত নাগৰিকৰ কবলত লামডিং বনাঞ্চল

PUBLISHED:

গুৱাহাটীঃ  লামডিং সংৰক্ষিত বনাঞ্চল বন্যহস্তীৰ প্রকল্প ৰূপে ঘোষিত হোৱাৰ লগতে মূল্যৱান বিভিন্ন প্রজাতিৰ কাঠৰ বাবে বিশেষকৈ চেগুন গছৰ বাবে বিখ্যাত৷ লংকাৰ পৰা লামডিঙলৈ গ’লেই ৫৪নং ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষেই দেখিবলৈ পোৱা যায় লামডিং সংৰক্ষিত বনাঞ্চলৰ সেউজীয়া ৰূপ৷ কিন্তু দুর্ভাগ্যৰ কথা এই যে লামডিং সংৰক্ষিত বনাঞ্চলৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে বেদখলকাৰীয়ে৷ সন্দেহযুক্ত নাগৰিকে বনাঞ্চলখনৰ ভিতৰত বনাঞ্চল ধ্বংস কৰি বেদখল কৰিছে শ শ হেক্টৰ ভূমি৷ স্থাপন কৰিছে এখনৰ পাছত এখন গাঁও৷ বনাঞ্চলৰ মাজত নির্মাণ কৰিছে মছজিদ, গঢ়ি তুলিছে বজাৰ আদিও৷ ইয়াৰ বাবে কাটি তহিলং কৰি গৈছে এফালৰ পৰা বনাঞ্চলৰ মূল্যৱান গছ–গছনি৷ বিশেষকৈ বনাঞ্চলখনৰ কমাৰপানী অঞ্চলত বেদখলকাৰীয়ে চলাইছে ভয়ংকৰ আগ্রাসন ৷

যাৰ বাবে হস্তী প্রকল্প ৰূপে ঘোষিত লামডিং বনাঞ্চলখনত বন্য হস্তীৰ বাবেও নামি আহিছে তীব্র সংকট৷ প্রায় ২৬,০০০ বর্গকিলেমিটাৰ মাটিকালি এলেকাৰ বনাঞ্চলখনৰ ২৫০ৰ পৰা ৩০০ হেক্টৰ ভূমিত বেখলকাৰীয়ে বেদখল কৰাৰ কথা স্বয়ং বন বিভাগে স্বীকাৰ কৰিছে৷ কিন্তু সেই পৰিমাণতকৈ বহু বেছি বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ বেদখলকাৰীয়ে বনাঞ্চলৰ মাটি দখল কৰাৰ লগতে দখল কৰা মাটি ধনৰ বিনিময়ত এটা দালালৰ দলে বিক্রী কৰি ন ন সন্দেহযুক্ত মানুহক সংস্থাপিত কৰি আহিছে বনাঞ্চলখনত৷বনাঞ্চলৰ গছ–গছনি কাটি, জুই লগাই উর্বৰা মাটিত হালধি, জলকীয়া খেতি কৰি জীৱিকা অর্জন কৰা বেদখলকাৰীয়ে নিতৌ অব্যাহত ৰাখিছে বেদখলকার্য৷বনাঞ্চলৰ ন ন মাটিত দখলকার্য চলাই গৈছে৷

বেদখলকাৰীৰ এনে কার্যৰ বিৰুদ্ধে মাত মতা আনকি ফটো আদি তুলিবলৈ গ’লেও বেদখলকাৰীৰ ৰোষৰ বলি হ’বলগা হয়৷ ২৪ মে’ত বনাঞ্চলৰ কমাৰপানী অঞ্চলত বেদখলকাৰীৰ এনে কার্যৰ প্রতিবাদ কৰোঁতেই চার্কেবস্তি জেএফএমচিৰ সদস্যৰ ১১খনকৈ বাইক ভাঙি চূৰমাৰ কৰি পেলোৱাৰ লগতে ৪জনকৈ সদস্যক ৰডেৰে মাৰি আহত কৰে বেদখলকাৰীয়ে৷ ২০১৬ চনতে কংগ্রেছৰ তৰুণ গগৈৰ চৰকাৰৰ দিনত বনাঞ্চলখনৰ কমাৰপানী অঞ্চলত শেষবাৰ উচ্ছেদ চলোৱা হৈছিল৷

RELATED ARTICLES