peepl-small

বৰঝাৰ বিমানবন্দৰত হ্রাস পাইছে যাত্রীৰ সংখ্যা

PUBLISHED:

গুৱাহাটী: ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে বৰঝাৰ বিমানবন্দৰত হ্রাস পাইছে যাত্রীৰ সংখ্যা৷ কিছুদিন আগলৈকে দৈনিক গড হিচাপত প্রায় ৭ হাজাৰ লোক যাত্রীৰ ৰূপত বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সমসংখ্যক লোক দেশৰ বিভিন্ন ৰাজ্যলৈ গৈছিল৷ কিন্তু বিগত ব’হাগ বিহুৰ সময়ৰে পৰা প্রায় দুসপ্তাহ ধৰি তাৰ সংখ্যা ৬০ শতাংশতকৈ অধিক কমি গৈছে৷ সোমবাৰে নিশা পর্যন্ত দেশৰ বিভিন্ন প্রান্তৰ পৰা ৪৩খন বিমানত আহে ২,৭১২জন যাত্রী৷ তেনেদৰে ৪৩খন বিমানত গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ যায় ২,৯৯১জন যাত্রী ৷ ২০২০ চনৰ ২৪ মার্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পূর্বে বৰঝাৰ বিমানবন্দৰলৈ গড় হিচাপত ১৫০খন বিমানেৰে প্রায় ১৬ হাজাৰ লোক যাত্রীৰ ৰূপত অহা–যোৱা কৰিছিল৷

তাৰ পিছত দুমাহৰ অন্তত ২৫ মে’ত বিমান সেৱা আৰম্ভ হোৱাৰ পিছত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ কিন্তু ১৬ এপ্রিলৰ পিছত ক’ভিডকেন্দ্রিক পৰিস্থিতি বেয়ালৈ ঢ়াল খোৱাত আৰু ১৯ এপ্রিলৰ নিশাৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত এক সপ্তাহৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰাত বিমান সেৱাত বিৰূপ প্রভাৱ পৰে৷ উল্লেখ্য যে দুসপ্তাহ পূর্বে ১৩ এপ্রিলৰ দিনা গুৱাহাটীলৈ ৪৮খন বিমানেৰে যাত্রী আহিছিল ৫,৫০০জন আৰু ইয়াৰ পৰা সমসংখ্যক বিমানেৰে দেশৰ বিভিন্ন প্রান্তলৈ গৈছিল ৬,৫৯১জন যাত্রী৷ সিদিনা উত্তৰ–পূবৰ কার্যক্ষম হৈ থকা মুঠ ১১টা বিমানবন্দৰলৈ ১০০খন বিমানেৰে আহিছিল ১০,১৩০জন যাত্রী আৰু উভতি গৈছিল ১০,৮২৫জন যাত্রী৷ কিন্তু ইয়াৰ বিপৰীতে ২৬ এপ্রিলত গুৱাহাটীকে ধৰি উত্তৰ–পূবৰ বিমানবন্দৰলৈ ৮৪খন বিমানত আহে ৬,৪৩৪জন যাত্রী আৰু উভতি যায় ৫২৭৬জন যাত্রী৷

RELATED ARTICLES