peepl-small

আজি স্বদেশলৈ উভতিব অলিম্পিকৰ ব্রঞ্জ বিজয়িনীঃ ১১ আগষ্টত মাতৃভূমি অসমলৈ লাভলীনা

PUBLISHED:

টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্রঞ্জৰ পদক জয়েৰে ৰাজ্যবাসীক ধন্য কৰা বক্সাৰ লাভলীনা বৰগোহাঁই আজি স্বদেশলৈ উভতিব৷

শনিবাৰে অলিম্পিকৰ প’ডিয়ামত প্রথমগৰাকী অসমীয়া হিচাপে পদক গ্রহণ কৰা প্রতিভাৱান বক্সাৰগৰাকীয়ে দেওবাৰে অলিম্পিকৰ সামৰণী অনুষ্ঠানত উপস্থিত থকাৰ পাছত সোমবাৰে পুৱাই টকিঅ’ৰ পৰা দেশলৈ ৰাওনা হ’ব৷ গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বোকা–পানী গচকি বিশ্ব বক্সিঙৰ সুবিশাল ক্ষেত্রখনত ভৰি থোৱা অসম গৌৰৱ খেলুৱৈগৰাকীয়ে ১০ আগষ্টত দিল্লীত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি ১১ আগষ্টত গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছে৷ সেই দিনা গুৱাহাটীত থাকি বক্সাৰগৰাকীয়ে ১২ আগষ্টৰ পুৱা গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ নিজ গৃহত উপস্থিত হ’ব৷

দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁয়ে দেওবাৰে ‘নিয়মীয়া বার্তা’ক এই কথা জানিবলৈ দিছে৷ কন্যাক আদৰিবলৈ তেওঁ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে৷ ইফালে অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা লাভলীনাক আদৰিবলৈ ব্যাকুল হৈ আছে বক্সাৰগৰাকীৰ মাতৃ, ভগ্নী আৰু বাৰমুখীয়া গাঁওবাসী৷

শিলিগুৰিত বি এছ এফৰ জোৱান হিচাপে কর্মৰত জ্যেষ্ঠ ভগ্নী লিছাই অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক আদৰিবলৈ দেওবাৰে স্বগৃহত উপস্থিত হৈছে৷ চি আই এছ এফত কর্মৰত আনগৰাকী যমজ ভগ্নী লিমাও আজি নিশাৰ ভাগলৈ ঘৰত উপস্থিত হোৱাৰ কথা আছে৷

আনহাতে, লাভলীনাৰ আগমনক লৈ সমগ্র বৰপথাৰ অঞ্চলত উছৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ বিভিন্ন স্বাদৰ খাদ্য সম্ভাৰেৰে লাভলীনাক আদৰিবলৈ গাঁওবাসী সাজু হৈ উঠিছে৷ গাঁওবাসীয়ে অলিম্পিক পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীক গায়ন–বায়ন, ঢোলে–দগৰে আদৰি আনিব৷

ইফালে লাভলীনাৰ আগমনক লৈ গোলাঘাট জিলা প্রশাসনো তৎপৰ হৈ পৰিছে৷ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা দেওবাৰে লাভলীনাৰ বৰপথাৰস্থিত বাসগৃহলৈ গৈ পৰিয়ালবর্গক এখন ফুলাম গামোচাৰে সম্বর্ধনা জনায়৷ উপায়ুক্তগৰাকীৰ সৈতে ধনশিৰি মহকুমাৰ মহকুমাধিপতি আৰু দণ্ডাধীশো উপস্থিত থাকে৷

উল্লেখ্য যে এদিন বা দুদিন স্বগৃহত পৰিয়ালৰ সৈতে সময় কটাই লাভলীনা পুনৰ দিল্লীলৈ উভতিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমন্ত্রণমর্মে বক্সাৰগৰাকীয়ে অহা ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া দেশৰ স্বাধীনতা দিৱসৰ কার্যসূচীত উপস্থিত থাকিব৷ ইয়াৰ পাছতে বিয়লি ভাৰতীয় দলৰ আন খেলুৱৈসকলৰ সৈতে অসম কন্যাই ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব৷ ১৬ আগষ্টত দলটোৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে তেওঁৰ চৰকাৰী আৱাসত মত বিনিময়ত অংশ ল’ব৷

RELATED ARTICLES