peepl-small

গণসংক্রমণৰ আশংকাত ৰহাত লকডাউন

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ বিভিন্ন স্থানত ক’ভিড মহামাৰীত আক্রান্তৰ সংখ্যা কিছু কমিছে যদিও নগাঁও জিলাৰ ৰহা ৰাজহ চক্রৰ লগতে ৰহা পৌৰসভাৰ এলেকাধীন অঞ্চলসমূহত ক’ভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ মূলতঃ দৈনিক অনুষ্ঠিত শাক–পাচলি বজাৰ আৰু বেংকৰ লেনদেনৰ বাবে ক’ভিড প্রট’কল ভংগ কৰি জনসাধাৰণৰ অতি সমাগমৰ বাবে ৰহা পৌৰসভা আৰু পার্শ্বৱর্তী অঞ্চলসমূহত ক’ভিড ৰোগৰ গণ সংক্রমণ বৃদ্ধি পোৱাত শেহতীয়াকৈ নগাঁও জিলা প্রশাসনে বহুসংখ্যক ঠাইত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত ৰহা পৌৰসভাৰ ১নং ৱার্ডৰ তিনি ঠাইত, ২নং ৱার্ডৰ ৰজাগাঁও, ৪নং ৱার্ডৰ টোপাকুছি আৰু ৬নং ৱার্ডৰ টোপাকুছি চাৰিআলিত ছটা মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি ১৪ দিনৰ বাবে সেই ঠাইলৈ সকলোধৰণৰ অহা–যোৱা বন্ধ  কৰিছে৷ কালি ৰহা পৌৰসভাৰ ১নং ৱার্ডৰ গডমাৰী তিনিসুঁতি আৰু চাপৰমুখ ছুইপাৰ কলনী মিনি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

উল্লেখ্য যে যোৱা বুধবাৰে ক’ভিডত আক্রান্ত হৈ গডমাৰীৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ পাছত সোমবাৰেও একেটা ৱার্ডৰে আন এগৰাকী ৪৫বছৰীয়া মহিলাৰ ক’ভিডত মৃত্যু হয়৷ শেহতীয়াকৈ গডমাৰী ১নং ৱার্ডৰ বিভিন্ন ঠাই সামৰি বর্তমানলৈকে ৪০জনৰো অধিক লোক ক’ভিডত আক্রান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ থকাৰ লগতে কেইবাগৰাকী আক্রান্তক ক’ভিড কেয়াৰ কেন্দ্রত ৰাখিব লগা হৈছে আৰু বহুকেইজন ব্যক্তি সুস্থ হৈ উঠিছে৷ একপ্রকাৰ ক’ৰোনাৰ হটস্পটলৈ পৰিণত হৈছে ৰহাৰ গডমাৰী৷ এনে গণ সংক্রমণৰ ফলত সমগ্র ৰহা পৌৰসভাৰ এলেকাৰ লগতে পার্শ্বৱর্তী এলেকাতো তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

উল্লেখ্য যে নগাঁও জিলাৰ অন্যতম প্রাণকেন্দ্র স্বৰূপ ৰহাত ৰাজহ চক্র কার্যালয়, ষ্টেট বেংক, বেংক অৱ ইণ্ডিয়া, অসম গ্রামীণ বিকাশ বেংক, পাঞ্জাব নেচনেল বেংক, বন্ধন বেংক, সাতটাকৈ এটিএম, ৰহা আৰক্ষী নিৱেশ, ৰহা ডাকঘৰ, দুটাকৈ পেড্র’ল পাম্প, সমাজ কল্যাণ বিভাগৰ কার্যালয় আদিৰ লগতে ব্যৱসায়ৰ কেন্দ্রস্থল হোৱাৰ বাবে দৈনিক শ শ লোকৰ বিভিন্ন কামৰ বাবে সমাগম ঘটে৷ এনেবোৰ কাৰণৰ বাবে ক’ভিডৰ গণ সংক্রমণৰ আশংকা ধাৰণা কৰিছে ৰাইজে৷ এনে গণ সংক্রমণ প্রতিৰোধকল্পে ৰহা স্থানীয় প্রশাসনে এক জুনৰ পৰা চাৰি জুনলৈ ৰহাৰ সকলো দোকান–পোহাৰ, অনুষ্ঠান–প্রতিষ্ঠান সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰিছে৷ 

RELATED ARTICLES