peepl-small

অসমৰ পুতলা নাচ শিল্পলৈ স্বীকৃতিঃ পোর্টব্লেয়াৰ ফিল্ম ফেষ্টিভেলত জিলিকিল ‘লাইফ ইন এ পাপেট’

PUBLISHED:

গুৱাহাটীঃ অসমীয়া চলচ্চিত্র জগতলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’–এ৷ অসমৰ বিলুপ্তপ্রায় পুতলা নাচৰ পটভূমিত নির্মিত ‘লাইফ ইন এ পাপেট’–এ পোর্টব্লেয়াৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত ৪টা বঁটা লাভ কৰি উজলি উঠিছে৷ ‘লাইফ ইন এ পাপেট’–এ যোৱা ১২ৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত মহোৎসৱখনত শ্রেষ্ঠ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র শাখাত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰি অসমীয়া চলচ্চিত্র জগতলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ একেই শাখাত যুটীয়াভাৱে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্রৰ চলচ্চিত্র‘On The Day That I Died’–এ৷ আনহাতে, অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ভাৰতীয় চলচ্চিত্র শাখাত শ্রেষ্ঠ পৰিচালকৰ সন্মান৷ একেই শাখাত ছবিখনে শ্রেষ্ঠ প্রযোজকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ‘লাইফ ইন এ পাপেট’–এ মহোৎসৱখনত ভাৰতীয় চলচ্চিত্র শাখাতো শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে৷ মহোৎসৱত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছে ইটালীৰ পাওলা লাভিনী আৰু শ্রেষ্ঠ সহঃ অভিনেত্রীৰ বঁটা লাভ কৰিছে স্পেইনৰ মুনটাছা মাৰে৷ মহোৎসৱখনৰ আন আন শিতানত বঁটা লাভ কৰিছে অষ্ট্রেলিয়া, মালয়েছিয়া, ইটালী, ইউনাইটেড কিংডম, ভাৰত, স্পেইন, নেদাৰলেণ্ড, কানাডা, ফিনলেণ্ড, ফিলিপাইনছ, ৰাছিয়া, আয়াৰলেণ্ড আদি বিশ্বৰ কেইবাখনো দেশৰ চলচ্চিত্রই৷ পোর্টব্লেয়াৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ফেষ্টিভেল ডাইৰেক্টৰArumuga Sabapathyয়ে জনোৱা অনুসৰি বিশ্বৰ প্রায় ৫০খন দেশৰ চলচ্চিত্রই এই মহোৎসৱত অংশগ্রহণ কৰিছিল৷ ‘লাইফ ইন এ পাপেট’ৰ এই সাফল্যই পৰিচালক ৰাজেন দাসৰ গৃহভূমি বজালীৰ ভালুকী গাঁৱত আনন্দৰ বন্যা বোৱাইছে৷

উল্লেখ্য যে ছবিখনৰ অধিকসংখ্যক চৰিত্রত কোনোদিনে কেমেৰাত অভিনয় নকৰা গাঁওখনৰ শিল্পীসকলে অতি সাৱলীল অভিনয় কৰিছে৷ মুখ্য চৰিত্রত অভিনয় কৰিছে আশা বৰদলৈ, দীপান্বিতা দাস, প্রকাশ ঠাকুৰীয়া আৰু অসম পাপেট থিয়েটাৰৰ প্রযোজক নাৰায়ণ ডেকাই৷ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত শিল্পী তৰালি শর্মাই৷ ৰিভাৰছাইড পিনাক ফিল্মছৰ বেনাৰত ছবিখন প্রযোজনা কৰিছে ৰাজেন দাস আৰু মীনাক্ষি দাসে৷ প্রডাকচন ডিজাইন মৃণাল শর্মাৰ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমৰ বিলুপ্তপ্রায় পুতলা নাচক জীয়াই তোলাৰ প্রয়াসেৰে আৰু পুতলা নাচৰ শিল্পীসকলৰ দুর্বিষহ জীৱন কাহিনীৰে নির্মাণ কৰা ছবিখনে বিশ্বৰ বিভিন্ন চলচ্চিত্র মহোৎসৱত ইতিমধ্যেই সন্মানিত হৈছে৷সদ্যনির্মিত চলচ্চিত্রখনে আগন্তুক বর্ষটোত অসমলৈ অধিক সুখবৰ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ ছবিখনৰ এই সাফল্য পুতলা নাচৰ শিল্পীসকলৰ লগতে অসমৰ পুতলা নাচলৈ এক উল্লেখনীয় স্বীকৃতি বুলি মত প্রকাশ কৰিছে পৰিচালক ৰাজেন দাসে৷ ছবিখনৰ এই সফলতাৰ বাবে পৰিচালকৰ লগতে সমগ্র দলটোক অভিনন্দন বার্তাৰে ওপচাই পেলাইছে বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠানে৷

RELATED ARTICLES