peepl-small

ৰাজ্যত প্রতি বছৰে ৮ হাজাৰ হেক্টৰ ভূমি জাহ গৈছে খহনীয়াত; ৬ বছৰত নদীয়ে খহাই নিলে ৪.২৭ লাখ হেক্টৰ মাটি

PUBLISHED:

গুৱাহাটীঃ  ক’ৰোনাৰ সংক্রমণৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে যুঁজ দি থকাৰ সময়তে আন এক প্রাকৃতিক দুর্যোগে পৰিস্থিতি ভয়ংকৰ কৰি কৰি তুলিছে৷ বাৰিষাৰ প্রাক্ক্ষণত ৰাজ্যলৈ নমাই অনা এই দুর্যোগ হ’ল গৰাখহনীয়া৷ প্রতিদিনে চপৰাচপৰে খহিছে মাটি, মুহূর্তে মুহূর্তে নিশ্চিহ্ণ হৈছে ৰাজ্যৰ কৃষিভূমি৷ নদীৰ বুকুত জাহ গৈছে ঘৰ–দুৱাৰ, চৰকাৰী–বেচৰকাৰী অনুষ্ঠান৷ পৰিস্থিতিত দিশহাৰা আৰু আশ্রয়হীন হৈ মথাউৰিতে উজাগৰে কটাবলগীয়া হৈছে দুর্ভগীয়া পৰিয়াল৷

উল্লেখ্য যে বিগত বর্ষতকৈ এইবাৰ অধিক ভয়াৱহ হৈ পৰিছে গৰাখহনীয়াৰ ৰূপ৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি বিগত ৬ বছৰত অসমত ব্রহ্মপুত্র আৰু ইয়াৰ উপ–নৈসমূহে খহনীয়াই নিছে ৪.২৭ লাখ হেক্টৰ ভূমি৷ প্রতি বছৰে ৮ হাজাৰ হেক্টৰ ভূমি গৰাখহনীয়াত জাহ গৈছে৷ সবাতোকৈ ভয়ংকৰভাৱে খহনীয়া সৃষ্টি কৰিছে ব্রহ্মপুত্রই৷ যোৱা ১০ বছৰত ব্রহ্মপুত্রই গৰাখহনীয়াৰ সৃষ্টি কৰি কোনো কোনো অঞ্চলত নৈখনৰ প্রসাৰতা বৃদ্ধি কৰিছে ১৫ কিলোমিটাৰ পর্যন্ত৷ এনে পৰিস্থিতিত ৰাজ্যত প্রায় প্রতিদিনে ভূমিহীন হ’বলৈ ধৰিছে সহস্রাধিক লোক৷

দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া জ্ঞানেন্দ্র দেৱ ত্রিপাঠীয়ে প্রকাশ কৰা তথ্য অনুসৰি যোৱা পাঁচটা বছৰত গৰাখহনীয়াৰ ফলত ভূমিহীন হৈছে ৮৬,৫৩৬গৰাকী লোক৷ ইয়াৰে সর্বাধিক ক্ষতিগ্রস্ত হৈছে বৰপেটা জিলাত৷ জিলাখনত যোৱা পাঁচটা বছৰত খহনীয়াত জাহ গৈছে ১,২০,৪৯৩ বিঘা ভূমি৷

আনহাতে, ডিব্রুগড় জিলাত জাহ যোৱা ভূমিৰ পৰিমাণ হ’ল ৫৬.১৮৬ বিঘা ৪ কঠা ১৯ লেচা৷ একেদৰে কামৰূপ জিলাত খহনীয়াত জাহ গৈছে ৯২,৭৩৪ বিঘা ৫ কঠা ৪৩ লেচা ভূমি৷ পৰিতাপৰ বিষয় যে ৰাজ্যত একপ্রকাৰ প্রাকৃতিক দুর্যোগৰ সৃষ্টি কৰা এই খহনীয়া প্রতিৰোধৰ বাবে কেন্দ্রীয় চৰকাৰে কেইবাখনো আঁচনিৰ জৰিয়তে ধন আবণ্টন দিয়াৰ লগতে ৰাজ্য চৰকাৰে বিগত ৫টা বছৰত ব্যয় কৰিছে বহু ধন৷ কিন্তু কার্যতঃ যেন সকলো ফুটুকাৰ ফেন৷ প্রতিটো বাৰিষাৰ প্রাক্ক্ষণত ৰাজ্যৰ প্রায়কেইখন জিলাতে সৃষ্টি হৈ আহিছে ভয়ংকৰ খহনীয়া৷ ফলত প্রতি বছৰে সর্বস্বান্ত হৈছে কেইবাহাজাৰ লোক৷ দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত ফ্লাড মেনেজমেণ্ট প্র’গ্রেম (এফ এম পি) শিতানত খহনীয়া প্রতিৰোধৰ বাবে মোকলাই দিয়া হৈছে ২,৩৮২ কোটি টকা৷ ১৪১টা আঁচনিৰ বিপৰীতে মোকলাই দিয়া এই ধনৰাশিৰ লগতে ৰাজ্য চৰকাৰে খহনীয়া প্রতিৰোধৰ বাবদ ব্যয় কৰিছে ১,২০১.৩৬ কোটি টকা৷ কিন্তু এনে আঁচনিৰ পাছতো বছৰৰ আৰম্ভণি আৰু শেষভাগত চপৰাচপৰে খহে ৰাজ্যৰ নৈকাষৰীয়া অঞ্চল আৰু মথাউৰিসমূহ৷

গৰাখহনীয়াৰ এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে বৰপেটা জিলা, কামৰূপ জিলা, শোণিতপুৰ জিলা, মাজুলী, ডিব্রুগড় আদি কৰি কেইবাখনো জিলাত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নতুন চৰকাৰখনে দিছপুৰত দায়িত্বভাৰ গ্রহণৰ পাছতে খহনীয়া প্রতিৰোধৰ বাবে তৎপৰতাৰে নামি পৰিছে যদিও আহি পৰা বাৰিষাৰ ফলত এই খহনীয়া প্রতিৰোধ এতিয়া সম্ভৱ হৈ উঠা নাই৷ এনেস্থলত বৰপেটা, দক্ষিণ কামৰূপ, ডিব্রুগড়, মাজুলী আৰু শোণিতপুৰ জিলাত প্রায় প্রতিদিনে জাহ গৈছে কেইবাশ হেক্টৰ কৃষিভূমি৷

শেহতীয়াকৈ ব্রহ্মপুত্রৰ খহনীয়াত বৰপেটাৰ বিলৰতাৰী, বৰবাৰাদি, ডক্রেশ্বৰ, সোহা আদি অঞ্চলত খহনীয়াই ইতিমধ্যে ৩০ বিঘা কৃষিভূমি খহাই নিছে৷ ডক্রেশ্বৰ দেৱালয়ৰ পৰা বিলৰটাৰী তিনিআলিলৈকে প্রায় এক কিলোমিটাৰ অংশত অব্যাহত থকা প্রবল খহনীয়াৰ ফলত বহৰি, বাঘবৰৰ মথাউৰিলৈ তীব্র ভাবুকি নামি আহিছে৷ একেদৰে আহোম ৰজাদিনীয়া ডক্রেশ্বৰ দেৱালয়লৈও ব্রহ্মপুত্রই খহনীয়া সৃষ্টি কৰিছে তীব্র ভাবুকিৰ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী ব্রহ্মপুত্রই কালৰূপ ধৰি বর্তমানলৈকে কেইবাখনো গাঁৱৰ ভূমি খহাই নিয়াৰ লগতে আন কেইবাখনো গাঁৱলৈ নমাই আনিছে ভাবুকি৷ যোৱা দীর্ঘসময়ৰ পৰা পলাশবাৰীত খহনীয়াৰ ফলত ইতিমধ্যে তিনি কুৰিৰো অধিক গাঁও নদীৰ বুকুত জাহ গৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে এনে খহনীয়াই নমাই অনা এনে দুর্যোগৰ ফলত শোণিতপুৰ জিলাত ইতিমধ্যে ভূমিহীন হৈছে ২৭,১১১গৰাকী লোক৷

আনহাতে মাজুলীত ১৮,৪২৫গৰাকী, কামৰূপ জিলাত ৯,৩৩৭গৰাকী, ডিব্রুগড়ত ৪,০৫০গৰাকী আৰু বৰপেটা জিলাত এই সংখ্যা ২০ হাজাৰতকৈ অধিক৷ খহনীয়া প্রতিৰোধৰ বাবে ইতিমধ্যে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বিভিন্ন জিলা ভ্রমণ কৰি প্রতিৰোধী আঁচনিসমূহ কার্যকৰী কৰাত তৎপৰ হৈ পৰিছে৷ কিন্তু বাৰিষা নামি অহাৰ ফলত এনে প্রতিৰোধ আঁচনিসমূহ কিমানদূৰ কার্যকৰী হ’ব সেয়াহে লক্ষণীয় হ’ব৷

RELATED ARTICLES