peepl-small

নগাৰ বেদখল উচ্ছেদৰ দাবীত ৰূপজ্যোতিৰ অনশনঃ বেদখলকৃত স্থান পৰিদর্শন আৰক্ষী বিষয়া জি পি সিঙৰ

PUBLISHED:

গুৱাহাটী: মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীসহ মৰিয়নিৰ সাংবাদিকৰ এটা দল  অসমৰ ভূমিত নগাই চলাই অহা বেদখল পৰিদর্শনৰ বাবে যাওঁতে সন্দেহজনক নগা উগ্রপন্থীৰ গুলীৰ সন্মুখীন হৈ কথমপি প্রাণ লৈ পলাই অহা ঘটনাই সৃষ্টি কৰা প্রতিক্রিয়া আজিও অব্যাহত আছে৷

মৰিয়নিৰ অসম–নাগালেণ্ড সীমান্তৱর্তী তথা মৰিয়নি আৰক্ষী থানাৰ অন্তর্গত নিউ সোণোৱাল–খেৰেমীয়া সংযোগী গডকাপ্টানী পথৰ বালিজান দলঙৰ সমীপত অসম আৰক্ষীৰ লগতে প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তাৰ পৰা নিৰীক্ষণ কৰি আছে৷

আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জ্ঞানেন্দ্র প্রতাপ সিং শুকুৰবাৰে দুপৰীয়া মৰিয়নিত উপস্থিত হয়হি৷ অসম আৰক্ষীৰ কমাণ্ডোৰ লগতে চি আৰ পি এফ কমাণ্ডো, অসম আৰক্ষী বেটেলিয়নসহ আৰক্ষীৰ এটা বৃহৎ দল লৈ অসম আৰক্ষীৰ শীর্ষ বিষয়াজন ঘটনাস্থলীলৈ ৰাওনা হয়৷ তেওঁৰ লগতে যোৰহাট আৰক্ষী অধীক্ষক অংকুৰ জৈন, যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বর্মনসহ আৰক্ষী আৰু প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলো ৰাওনা হয়৷ আৰক্ষী বিষয়া জি পি সিং নগাৰ বেদখলীকৃত স্থানত উপস্থিত হৈ নাগালেণ্ডৰ মোককচাং জিলাৰ আৰক্ষী অধীক্ষক, নাগালেণ্ড আৰক্ষীৰ মহাপৰিদর্শক (সীমান্ত), সীমান্ত দণ্ডাধীশ আদিৰ সৈতে তাৎক্ষণিক আলোচনা কৰি কেইটামান সিদ্ধান্ত গ্রহণ কৰে৷

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান জি পি সিঙে এই সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দি কয়– অহা দুই–তিনি দিনৰ ভিতৰতে অসমৰ যোৰহাট জিলা আৰু নাগালেণ্ডৰ মোককচাং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক পর্যায়ৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে সীমা সম্পর্কীয় সকলো বিষয়ৰ আলোচনা কৰাৰ উপৰি ইয়াৰ এক সমাধান সূত্র উলিয়াব বুলি তেওঁ জানিবলৈ দিয়ে৷ তদুপৰি অহা এক সপ্তাহৰ ভিতৰত অসম আৰু নাগালেণ্ডৰ আৰক্ষী মহাপৰিদর্শক (সীমান্ত) পর্যায়ৰ আন এক বৈঠক অনুষ্ঠিত হোৱা সম্পর্কেও জানিবলৈ দিয়ে৷

আনহাতে, বিধায়ক ৰূপজ্যোতি কুর্মীৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনাত জড়িত নগা লোকক চিনাক্ত কৰি তেওঁলোকক কৰায়ত্ত কৰিবলৈ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকক নির্দেশ দিয়ে৷ এই সম্পর্কত মোককচাং জিলাৰ আৰক্ষী অধীক্ষকলৈ এখন পত্র প্রেৰণ কৰি গুলীচালনা কৰা নগা লোকক চিনাক্ত কৰা আৰু তেওঁলোকক কৰায়ত্ত কৰিবলৈ আহ্বান জনোৱাৰ বিষয়েও উল্লেখ কৰে৷ তদুপৰি গুলীবর্ষণ কৰা মাৰণাস্ত্রসমূহ কাৰ আছিল আৰু সেইসমূহৰ অনুজ্ঞা–পত্র আছে নে নাই, তাক চাবলৈও নির্দেশ দিয়ে৷

আৰক্ষী বিষয়াজনে লগতে বিধায়ক ৰূপজ্যোতি কুর্মীৰ ওপৰত চলোৱা গুলীচালনা ঘটনা সম্পর্কত দিয়া এজাহাৰৰ ভিত্তিত ঘটনাৰ অনুসন্ধান কৰাৰ লগতে বিধায়ক কুর্মীক সম্পূর্ণ সহযোগ কৰিবলৈও নির্দেশ দিয়ে৷ আনহাতে, অহা ৪৮ ঘণ্টাৰ ভিতৰত সমগ্র ঘটনাৰ সবিশেষ প্রতিবেদন অসম চৰকাৰৰ হাতত অর্পণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ এই প্রতিবেদনত যদি উচ্চতম ন্যায়ালয়ত চলি থকা দুয়োখন ৰাজ্যৰ সীমা সম্পর্কীয় বিবাদৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে দিয়া স্থিতাৱস্থা ভংগ কৰা যেন দেখে, তেন্তে উচ্চতম ন্যায়ালয়ত অসম চৰকাৰে আবেদন জনাব বুলিও তেওঁ লগতে উল্লেখ কৰে৷

অসম আৰক্ষীৰ শীর্ষ বিষয়াজনে এয়া এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰাৰ লগতে শীঘ্রেই ভাল ফল লাভ কৰিব বুলিও লগতে উল্লেখ কৰে৷ এই সময়ছোৱাত উক্ত অঞ্চলসমূহত নাগালেণ্ডৰ দিশৰ পৰা কোনো কার্যকলাপ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্রয়োজনত দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া টহল দিয়াৰো পোষকতা কৰে আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধানজনে৷

RELATED ARTICLES