peepl-small

কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

PUBLISHED:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ০৯-০৯-২০২১ ইং তাৰিখে অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

➡️ বৈঠকৰ আৰম্ভণিতে কেবিনেটে কালি নিমাতীঘাটৰ সমীপত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

➡️ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক কালি নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ অহা এমাহৰ ভিতৰত তেওঁ এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব৷ উল্লেখযোগ্য যে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা ফৌজদাৰী গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

➡️ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য যাতে নিদ্ধাৰ্ৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড [এন এইচ আই ডি চি এল] ৰ লগতে দলং নিৰ্মাণৰ লগত জড়িত অন্যান্যসকলৰ সৈতে প্ৰতিমাহে বৈঠকত মিলিত হৈ নিৰ্মাণ কাৰ্যৰ নিয়মীয়া নিৰীক্ষণৰ বাবে আজিৰ কেবিনেটে বিত্তমন্ত্ৰী অজন্তা নেওগক দায়িত্ব অৰ্পণ কৰে৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই দলং নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আনুসংগিক অতিৰিক্ত সহযোগিতা আগবঢ়োৱা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

➡️ যোৰহাট-মাজুলীৰ মাজৰ ফেৰী সেৱাকে ধৰি ৰাজ্যখনৰ সামগ্ৰিক জল পৰিবহন ব্যৱস্থাৰ এক বিস্তৃত সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰীয়ে অচিৰেই কেতবোৰ স্থায়ী আৰু ফলপ্ৰসূ ব্যৱস্থা ঘোষণা কৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়৷

➡️ উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী [ডি এন এল এ] ই ৬ মাহৰ বাবে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতিৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰেও পৰৱৰ্তী এমাহৰ বাবে সংগঠনটোৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান নচলোৱাৰ বাবে আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অৱশ্যে এই সময়ছোৱাত সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ-শস্ত্ৰ লৈ মুকলিকৈ ঘূৰা-পকা কৰিব নোৱাৰিব আৰু ধনদাবীকে ধৰি কোনোধৰণৰ আসামাজিক ঘটনাত লিপ্ত হ’ব নোৱাৰিব৷

➡️ চৰকাৰী চাকৰিত যোগদানৰ বাবে এতিয়াৰে পৰা কোনোধৰণৰ পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নহ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে যোগদানৰ পূৰ্বে এই ক্ষেত্ৰত এখন স্ব-ঘোষণা পত্ৰ জমা দিব লাগিব৷ এই ঘোষণা পত্ৰ এটা পৰ্টেলত আপল’ড কৰা হ’ব৷ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট তথ্য সন্দৰ্ভত ভৱিষ্যতে কোনোধৰণৰ অভিযোগ উত্থাপিত হ’লে আৰু সেই অভিযোগ সত্য প্ৰমাণিত হ’লে চাকৰিয়াল গৰাকীৰ বিৰুদ্ধে বিভাগীয় তথা আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

➡️ এতিয়াৰে পৰা ৰাজ্যখনৰ নিৱনুৱা যুৱক-যুৱতীসকলে নিয়োগ বিনিময় কেন্দ্ৰত আধাৰ নম্বৰৰ জৰিয়তে অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব বুলি আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অৱশ্যে আধাৰ কাৰ্ড নথকাসকলে অহা ৩১ মাৰ্চ পৰ্যন্ত নিয়োগ বিনিময় কেন্দ্ৰলৈ গৈও পঞ্জীয়ন কৰিব পাৰিব৷ অহা ১ এপ্ৰিল, ২০২১ৰ পৰা এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন কৰা হ’ব৷

➡️ চৰকাৰী নিৰ্মাণকাৰ্যত বনজ তথা খনিজাত সম্পদ ব্যৱহাৰৰ বাবদ এতিয়াৰে পৰা বন বিভাগক পোনপটীয়াকৈ কোনোধৰণৰ ৰয়েল্টি পৰিশোধ কৰিব নালাগে৷ এই ক্ষেত্ৰত আদায় দিবলগীয়া ৰয়েল্টি নিদ্ধাৰ্ৰিত শতাংশ হিচাপত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰৰ বিল পৰিশোধৰ সময়ত কাটি ৰখা হ’ব৷ আনহাতে, চহৰাঞ্চলত ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া এনে ৰয়েল্টি সম পৰিমাণৰ ৪ টা কিস্তিত চৰকাৰী কোষাগাৰত জমা দিব লাগিব৷

➡️ ৰাজ্য চৰকাৰৰ চাকৰিকে ধৰি অন্যান্য সকলো ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে থকা সংৰক্ষণৰ পৰিমাণ পূৰ্বৰ ৩ শতাংশৰ পৰা ৪ শতাংশলৈ বৃদ্ধিৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

➡️ ৰাজ্যখনত শৈক্ষিক পাঠ্যক্ৰম আগবঢ়োৱা বিভিন্ন বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত দূৰৱৰ্তী পাঠ্যক্ৰমৰ ডিগ্ৰী, ডিপ্ল’মা, চাৰ্টিফিকেট আদিৰ বৈধতা কায়িকভাৱে শিক্ষাদান কৰা অন্যান্য শৈক্ষিক পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰসমূহৰ সৈতে সম পৰ্যায়ৰ হ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

➡️ আজিৰ কেবিনেটে ‘আছাম ষ্টেট অৰ্গেনিক মিছন এজেন্সি’ (Assam State Organic Mission Agency), চমুকৈ ‘অসমা’ নামৰ এটা নতুন সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যখনত Mission Organic Value Chain Development (MOVCD) আৰু National Beekeeping and Honey Mission (NBHM) ৰ দৰে অভিযানৰ কাম-কাজ এই সংস্থাৰ তত্ত্বাৱধানত ৰূপায়িত হ’ব৷

RELATED ARTICLES