peepl-small

মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতিক জনসংখ্যা সমাধান ফাউণ্ডেচনৰ আদৰণি

PUBLISHED:

গুৱাহাটীঃ জনসংখ্যা সমাধান ফাউণ্ডেচনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ক্ষেত্ৰত বিশেষভাবে ৰেহাই দিবলৈ যোৱা বছৰে সংবিধান দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষক স্মাৰকপত্ৰ প্ৰদান কৰিছিল।
এই বিষয়টোকলৈ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ভূমিপুত্ৰ বিশেষকৈ জনজাতি, চাহ-জনজাতি আৰু অনুসূচীত জাতি লোকক বিশেষ মৰ্যাদা প্ৰদানেৰে ৰেহাই দিয়া হৈছে বুলি ঘোষণা কৰাত ফাউণ্ডেচনৰ তৰফৰ পৰা ধন্যবাদ জনাইছে ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে।

আনহাতে জনসংখ্যা সমাধান ফাউণ্ডেচন অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ প্ৰাপ্তি শৰ্মাই কয় যে অসমৰ বিভিন্ন স্থানত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে সজাগতা অভিযানৰ সময়ত ৰাইজৰ কাষলৈ যাওঁতে ৰাইজে ফাউণ্ডেচনৰ আগত মূলতঃ এটাই দাবী জনায় যে জনসংখ্যা বিস্ফোৰণকাৰীসকলক কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰাই নহয়, অন্যান্য সকলো ধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত কৰিব লাগে।

RELATED ARTICLES