peepl-small

ব্রহ্মপুত্রৰ অৱবাহিকা পৰিদর্শন ঝি জিনপিঙৰ

PUBLISHED:

সীমান্তৰ সমীপত আন্তঃগাঁথনি নির্মাণেৰে নিজৰ স্থিতি সবল কৰাৰ সমান্তৰালকৈ ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক লৈ ষড়যন্ত্র অব্যাহত ৰাখিছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশ সংলগ্ণ তিব্বত অঞ্চলত সমীন্তাত সেনাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে বুলেট ট্রেইনো চলাচল কৰাইছে বেইজিঙে৷ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিব্বতৰ সীমান্ত চহৰ প্রথমবাৰলৈ ভ্রমণ কৰিলে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ তিব্বতৰ সীমান্তৰ চহৰ নিংছি কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ চহৰ৷ এই চহৰখনলৈ প্রথমবাৰৰ বাবে চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ ভ্রমণ অতিকৈ তাৎপর্যপূর্ণ৷ চীনৰ ৰাষ্ট্রপতিগৰাকী যোৱা বুধবাৰে নিংছি মেইনলিং বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত স্থানীয় নাগৰিক, বিভিন্ন জনগোষ্ঠীৰ নেতাই ৰাষ্ট্রপতিগৰাকীক উষ্ণ আদৰণি জনায়৷ নিংছি চহৰ ভ্রমণ কৰা ৰাষ্ট্রপতিগৰাকীয়ে নিয়াং নদীৰ দলংখনো পৰিদর্শন কৰে৷

ব্রহ্মপুত্র নদীৰ অৱবাহিকাত পৰিৱেশতন্ত্র সংৰক্ষণত কি প্রভাৱ পৰিছে সেয়া পৰিদর্শন কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ তিব্বতী ভাষাত ব্রহ্মপুত্র নদী য়াৰলুং জাংবো নামে জনাজাত৷ অৰুণাচল প্রদেশ সীমান্ত সংলগ্ণ নিংছি চহৰ ভ্রমণ কৰি ৰাষ্ট্রপতিগৰাকীয়ে পৰোক্ষভাৱে দেশখনৰ সীমান্তৰ ওপৰতো বুজ লয়৷ ইপিনে ব্রহ্মপুত্র নদীৰ উপৰি ভাগত নদীবান্ধ নির্মাণ কৰি থকা চীনে তিব্বতৰ সীমান্তত ব্রহ্মপুত্র নদীৰ অৱবাহিকা পৰিদর্শন কৰাটোও চিন্তনীয় বুলি চর্চিত হৈছে৷ গুৰুত্বপূর্ণ যে চীনে অৰুণাচল প্রদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী জনাই আহিছে৷ ভাৰতে চীনৰ এই দাবীক নস্যাৎ কৰি আহিছে৷

অৰুণাচল প্রদেশ যদি ভাৰতৰ শীর্ষ মন্ত্রীয়ে ভ্রমণ কৰে, তেন্তে চীনে এইক্ষেত্রত প্রতিক্রিয়া ব্যক্ত কৰি আহিছে৷ এনে সময়ছোৱাত চীনৰ ৰাষ্ট্রপতিগৰাকীৰ তিব্বতৰ সীমান্ত চহৰ নিংছি ভ্রমণ কৰাটো নতুন দিল্লীৰ বাবে উদ্বিগ্ণতাৰ বিষয় হৈ পৰিছে৷ উনুকিয়াব পাৰি যে চীনৰ নেতাই মাজে–সময়ে তিব্বত ভ্রমণ কৰি থাকে যদিও শাসকীয় কমিউনিষ্ট পার্টী অৱ চীনৰ মুৰব্বী আৰু শক্তিশালী চেণ্ড্রেল মিলিটাৰী কমিছনাৰ হাই কমাণ্ড চীনৰ ৰাষ্ট্রপতি জিনপিঙেই তিব্বতৰ সীমান্ত চহৰ ভ্রমণ কৰা প্রথমগৰাকী নেতা৷ তেনেদৰে তিব্বতৰ প্রাদেশিক ৰাজধানী লাছাৰ সৈতে নিংছিক সংযোগ কৰি যোৱা জুন মাহত তিব্বতৰ প্রথম বুলেট ট্রেইনৰ চলাচল আৰম্ভ কৰে৷ ইয়াৰ প্রায় এমাহৰ পাছত ৰাষ্ট্রপতিগৰাকীৰ নিংছি চহৰ ভ্রমণ নিশ্চয়কৈ তাৎপর্যপূর্ণ৷

RELATED ARTICLES