peepl-small

জনতা ভৱনৰ চৌদিশ সংৰক্ষিত এলেকা ঘোষণা উপায়ুক্তৰ

PUBLISHED:

গুৱাহাটী: জনতা ভৱনৰ চৌপাশ সামৰি দিছপুৰক সংৰক্ষিত এলেকা ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ সোমবাৰৰে পৰা কার্যকৰী হোৱাকৈ কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে দিছপুৰক সংৰক্ষিত এলেকা ঘোষণা কৰি পৰৱর্তী নির্দেশনা জৰি নকৰা পর্যন্ত এই অঞ্চলটো সংৰক্ষিত এলেকা হিচাপে প্রযোজ্য হ’ব বুলি সদৰী কৰে৷

আছাম মেইণ্টেনেঞ্চ অৱ পাব্লিক অর্ডাৰ এক্ট ১৯৪৭ৰ আৰ/ডব্লিউ ছেকচন–২ৰ অধীনত জিলা উপায়ুক্তগৰাকীয়ে নির্দিষ্ট অঞ্চলটোক সংৰক্ষিত এলেকা ঘোষণা কৰে৷ এই অঞ্চলটোত বিনা অনুমতিত কোনো লোকে প্রৱেশ কৰিব নোৱাৰিব৷ তদুপৰি অনুমতি–পত্র নথকা কোনো যান–বাহন এই অঞ্চলত চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ অৱশ্যে অসম সচিবালয়ৰ কর্মচাৰীৰ ক্ষেত্রত বিশেষ শিথিলতাৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে পূর্বে গণেশগুৰি উৰণীয়া সেঁতুৰ পৰা ছুপাৰ মার্কেটলৈ জি এছ ৰোডৰ দক্ষিণ দিশ, পশ্চিমে লাষ্টগেটৰ পৰা আৰ পি ৰোড হৈ বিধায়ক আৱাসৰ প্রৱেশদ্বাৰলৈ, উত্তৰে গণেশগুৰি চাৰিআলিৰ পৰা গণেশ মন্দিৰ আৰু দক্ষিণে ছুপাৰ মার্কেট পুলিচ পইণ্টৰ পৰা লাষ্টগেটলৈ পথৰ ৬০ ফুট দৈর্ঘ্য এই সংৰক্ষিত অঞ্চলত অন্তর্ভুক্ত হ’ব৷ অহা ২১ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা অধিৱেশনৰ বাবেই অঞ্চলটো সংৰক্ষিত এলেকা ঘোষণা কৰা হৈছে৷

RELATED ARTICLES