peepl-small

দোকান বন্ধ কৰিবলৈ যোৱা আৰক্ষীক লাঠী–জোং লৈ আক্রমণ উদণ্ড ব্যৱসায়ীৰ

PUBLISHED:

গুৱাহাটীঃ ক’ভিভ বিধি সম্পূর্ণৰূপে উলংঘা কৰি সান্ধ্য আইনৰ সময়ত একাংশ দোকানীয়ে দোকান বজাৰ খোলা ৰখাৰ সময়ত আৰক্ষীয়ে বন্ধ কৰিবলৈ যাওঁতেই মঙলবাৰে সন্ধিয়া প্রায় ৭ বজাত জামুগুৰিহাটৰ পাণপুৰত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ জনসমাগম হৈ থকা দোকান–পোহাৰ বন্ধ কৰিবলৈ আৰক্ষীয়ে নির্দেশ দিয়াৰ পাছতে একাংশ দুষৃকতিকাৰীয়ে আৰক্ষীলৈ লাঠী–জোং লৈ চোঁচা লৈ অহাৰ লগতে আৰক্ষীলৈ শিল নিক্ষেপ কৰে৷জামুগুৰি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শূন্যলৈ প্রায় ২০ জাঁইৰো অধিক গুলীচালনা কৰিবলৈ বাধ্য হয়৷ শূন্যলৈ গুলীচালনা কৰাৰ পাছত দুষৃকতিকাৰীসকল পলাই যাবলৈ সক্ষম হয় যদিও দুষৃকতিকাৰীৰ আক্রমণত ২গৰাকী আৰক্ষী জোৱান সামান্য পৰিমাণে আহত হোৱাৰ লগতে শিলগুটি নিক্ষেপৰ ফলত আৰক্ষীৰ এখন বলেৰ’ গাড়ীৰো ক্ষতি হয়৷

ঘটনাস্থলীত নিশাই জিলা দণ্ডাধীশৰ লগতে শোণিতপুৰ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে আৰু এই ঘটনাৰ লগত জডিতসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি প্রদান কৰিবলৈ স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰে৷ ইফালে পাণপুৰত একাংশ ক’ভিড বিধি উলংঘাকাৰীয়ে এইদৰে আৰক্ষীৰ ওপৰত চলোৱা এই আক্রমণক পাণপুৰৰ সচেতন ৰাইজে তীব্র ভাষাৰে গৰিহণা দিছে৷

বুধবাৰে পাণপুৰত এই সন্দর্ভত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷ শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চফিকুল ইছলাম, নদুৱাৰ ৰাজহ চক্রৰ বিষয়া আকাশদীপ কাকতি, জামুগুৰি আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া প্রাঞ্জল কুমাৰ নাথ, পঞ্চায়ত প্রতিনিধি, স্থানীয় গাঁওবুঢ়া, গাঁও উন্নয়ন সমিতিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থকা সভাখনত ৰাইজে আৰক্ষী প্রশাসনক কালিৰ এই ঘটনা সন্দর্ভত নিজাববীয়াকৈ তদন্ত কৰি দোষীক চিনাক্ত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে জামুগুৰিহাটৰ পাণপুৰত একাংশ দোকানীয়ে প্রায়েই ক’ভিড বিধিৰ প্রতি অংগুষ্ঠ প্রদর্শন কৰি চৰকাৰে বান্ধি দিয়া সময় পাৰ হৈ যোৱাৰ পাছতো দোকান–পোহাৰ খোলা ৰখাৰ বাবেই ক’ৰোনাৰ এই ভয়ংকৰ পৰিস্থিতিৰ সময়ত জনসমাগমৰ সৃষ্টি হৈ আহিছে৷

RELATED ARTICLES