peepl-small

জাগীৰোড ষ্টেচনত ভয়ংকৰ ঘটনাঃ ক’ভিড স্ক্রীনিং নকৰাকৈয়ে কেৰালাৰ পৰা অহা ৫ শতাধিক যাত্রীৰ পলায়ন

PUBLISHED:

গুৱাহাটীঃ মাৰাত্মক ক’ভিডৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ কঠোৰ নির্দেশনা দিয়াৰ সময়তে বহিঃৰাজ্যৰ পৰা অহা একাংশ অসচেতন লোকৰ বাবে ৰাজ্যত ক’ভিডৰ গণসংক্রমণৰ আশংকা ঘনীভূত হৈ পৰিছে৷ কেৰালাৰ অহা পাঁচ শতাধিক যাত্রীয়ে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা ঘটনাই এই আশংকা কঢ়িয়াই আনিছে৷

প্রাপ্ত তথ্য অনুসৰি, বিবেক এক্সপ্রেছ নামৰ এখন ৰে’লেৰে কেৰালাৰ পৰা অহা ৫ শতাধিক যাত্রী জাগীৰোড ৰে’ল ষ্টেচনত উপস্থিত হৈছিল৷ পুৱা প্রায় ১০ বজাত এই ৰে’লখন জাগীৰোড ষ্টেচনত উপস্থিত হৈছিল৷ সেই সময়তে ষ্টেচনত থকা প্রশাসনৰ লোক আৰু স্বাস্থ্য কর্মীসকলে যাত্রীসকলৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰে৷ কিন্তু এই যাত্রীসকলে প্রশাসনৰ লোকসকলৰ অনুৰোধ নামানি এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টিৰ লগতে ষ্টেচনৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে৷ ষ্টেচনত ঠেলা–হেঁচা কৰি যাত্রীসকলে ষ্টেচনটোত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পলায়ন কৰা লোকসকল সমগ্র জাগীৰোড চহৰতে সিঁচৰতি হৈ পৰে৷

উল্লেখ্য যে এই ৰে’লখনেৰে অহা লোকসকল কেৰালাৰ বিভিন্ন কোম্পানীত কর্মৰত হৈ আছিল৷ প্রতি দেওবাৰে কেৰালাৰ পৰা অহা এই ৰে’লখনৰ যাত্রীসকলক স্ক্রীনিঙৰ ব্যৱস্থা কৰি আহিছে প্রশাসনে৷ পূর্বতে এই ৰে’লত ডেৰশৰ পৰা ২০০জন আহিছিল যদিও এইবাৰ পাঁচ শতাধিক যাত্রীৰ আগমনৰ বাবে বিবুধিত পৰে প্রশাসনৰ লোকসকল৷ আনকি পাঁচ শতাধিক যাত্রী ৰে’লখনত অহা বুলি আগতীয়াকৈ সংশ্লিষ্ট কর্তৃপক্ষই প্রশাসনৰ লোকসকলক অৱগত কৰা নাছিল বুলিও জানিব পৰা গৈছে৷

যাৰ বাবে ষ্টেচনটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি একাংশ লোকে তাত উপস্থিত থকা স্বাস্থ্য কর্মীসকলৰ সা–সামগ্রী, টেষ্ট কিট আদি পেলাই দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ পলায়ন কৰা যাত্রীসকলৰ অধিকাংশই মৰিগাঁও, লাহৰীঘাট আৰু নগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ এইদৰে পলায়ন কৰা লোকসকলৰ পৰা এই অঞ্চলসমূহত ক’ভিডৰ গণসংক্রমণ ঘটাৰো আশংকা প্রকাশ কৰা হৈছে৷ সেয়েহে প্রতিখন গাঁৱৰ গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীক পলায়ন কৰা লোকসকলক বিচাৰি উলিয়াবলৈ স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দেশত ক’ভিডৰ সংক্রমণৰ ক্ষেত্রত শীর্ষস্থানত থকা ৰাজ্যসমূহৰ অন্যতম হৈছে কেৰালা৷ দেওবাৰে ৰে’লখনেৰে উপস্থিত হোৱা কেইজনমানে কৰা পৰীক্ষাত তেওঁলোক পজিটিভ হিচাপে ধৰা পৰিছে৷ এনে পৰিস্থিতিত এই যাত্রীসকলৰ মাজত বহুসংখ্যক লোক পজিটিভ থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷

RELATED ARTICLES