peepl-small

আজি এফালে ধোনী–মৰগানৰ যুঁজঃ আনফালে পঞ্জাব কিংছৰে গুৰুত্বপূর্ণ মেচ ছানৰাইজার্ছ হায়দৰাবাদৰ

PUBLISHED:

গুৱাহাটীঃ  ক’ৰোনাৰ আতংকৰ মাজতে ভাৰতত পূর্ণগতিত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগত জয়ৰ বাবে হাবাথুৰি খাইছে ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদে৷ নিজৰ প্রথম তিনিওখন মেচতে পৰাজয়ৰ সন্মুখীন হোৱা ছানৰাইজার্ছ হায়দৰাবাদে আজি পঞ্জাব কিংছৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ছানৰাইজার্ছৰ বাবে আজিৰ এই মেচখন মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ প্রতিযোগিতাখনত এতিয়ালৈকে জয়ৰ মুখ নেদেখি কঠিন চাপৰ সন্মুখীন হোৱা ছানৰাইজার্ছে আজি পঞ্জাবক পৰাস্ত কৰি প্রত্যাৱর্তন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে দলটোৰ অধিনায়ক ডেভিদ ৱার্নাৰে৷ প্রতিযোগিতাখনত এতিয়ালৈকে দলটোৱে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰি অধিনায়ক ৱার্নাৰে কয় যে এটা বিজয়ে খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰি তুলিব৷ গতিকে আজি আমি জয়লাভ কৰিবই লাগিব৷ বেটছমেনসকলে নিজৰ সামর্থ্য অনুসৰি খেলিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰি ৱার্নাৰে লগতে কয় যে আজিৰ মেচখনত কেন উইলিয়ামছনে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ নিজৰ বেটিং প্রদর্শনক লৈও সন্তুষ্ট নহয় বুলি ব্যক্ত কৰি ছানৰাইজার্ছৰ অধিনায়কগৰাকীয়ে কয় যে মনীষ পাণ্ডে, বেয়াৰষ্ট’, বিজয় শংকৰৰ পৰা তেওঁ দীঘলীয়া ইনিংছ বিচাৰে৷ ইফালে, পঞ্জাব কিংছৰো প্রদর্শন বিশেষ উন্নত নহয়৷ এতিয়ালৈকে দলটোৱে তিনিখন মেচ খেলি মাত্র এখনতহে জয়ৰ সোৱাদ লাভ কৰিছে৷ গতিকে আজিৰ মেচখনত পঞ্জাব দলটোৰো মূল লক্ষ্য হ’ল জয়লাভ কৰা৷
খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷

জয়ৰ হেটট্রিকৰ লক্ষ্য চি এছ কেৰ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আজি সমুখসমৰত নামিব মহেন্দ্র সিং ধোনী আৰু ইয়ন মৰগান৷ চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ কাইলৈ ৱাংখেড়েত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডার্ছে৷ ক্রমাগত দ্বিতীয় জয়েৰে আত্মবিশ্বাস তুংগত থকা চেন্নায়ে জয়ৰ হেটট্রিক অর্জন কৰাৰ লক্ষ্য লৈছে৷ সোমবাৰে নিশা ৰাজস্থান ৰয়েলছৰ বিপক্ষে বিজয় সাব্যস্ত কৰি মনোবল বৃদ্ধি পোৱা ধোনী বাহিনীয়ে আজি নাইট ৰাইডার্ছক পৰাস্ত কৰিব পাৰিব বুলি আশাবাদী৷ অৱশ্যে মেচখনত জয়লাভ কৰাৰ বাবে চেন্নায়ে সংগ্রাম কৰিব লাগিব৷ কিয়নো, কলকাতাত ইয়ন মৰগানৰ লগতে আন্দ্রে ৰাছেল, শুভমন গিল, নীতিশ ৰাণা, দীনেশ কার্তিকৰ দৰে খেলুৱৈ আছে৷ বিগত মেচ দুখনত জয়ৰ বাবে খেলুৱৈসকলৰ মনোবল তুংগত আছে বুলি উল্লেখ কৰি চি এছ কেৰ অধিনায়ক ধোনীয়ে কয় যে কলকাতাৰ বিপক্ষে বিজয় সাব্যস্ত কৰিবলৈ আমি বিশেষ ৰণনীতি তৈয়াৰ কৰিব লাগিব৷ যদি প্রথমে বেটিং কৰোঁ, তেতিয়াহ’লে বৃহৎ স্ক’ৰ থিয় কৰাই মৰগান বাহিনীক চাপত ৰখাৰ চেষ্টা চলাব লাগিব৷ মুঠতে মেচখন প্রত্যাহ্বানমূলক হোৱাটো খাটাং বুলি মন্তব্য কৰে ধোনীয়ে৷ ইপিনে, আজিৰ মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিব বুলি আত্মবিশ্বাসী মৰগান নেতৃত্বাধীন কলকাতা নাইট ৰাইডার্ছ৷ উল্লেখ্য যে তিনিখন মেচৰ দুখনত বিজয় সাব্যস্ত কৰি চেন্নায়ে ৪ পইণ্ট সংগ্রহ কৰি আছে৷ বিপৰীতে কলকাতাই তিনিখন মেচ খেলি এখনত জয় আৰু দুখনত পৰাস্ত হৈ দুই পইণ্ট অর্জন কৰি আছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

RELATED ARTICLES