peepl-small

৮জনীয়া তদন্ত কমিটী গঠনঃ প্রতিবেদন দাখিল কৰিবলৈ ১৫ দিনৰ সময়সীমা

PUBLISHED:

গুৱাহাটী: বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত তদন্তৰ নির্দেশ দিছে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ উল্লেখ্য যে নগাঁও জিলাৰ বমুণী পাহাৰত বৃহস্পতিবাৰে বজ্র পৰি ১৮টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাই সমগ্র দেশতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রকৃতিপ্রেমীক উদ্বিগ্ণ কৰি তোলা এই ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্তৰো দাবী উত্থাপন হৈছে৷ এনে পৰিস্থিতিৰ মাজতে আজি ঘটনাস্থলীত উপস্থিত হয় বনমন্ত্রী পৰিমল শুক্লবৈদ্য, প্রধান মুখ্য বন সংৰক্ষক, বন বিভাগৰ প্রধান সচিবৰ লগতে এটা উচ্চ পর্যায়ৰ দল৷ দলটোৱে ১৮টাকৈ হাতীৰ মৃত্যুৰ বিষয়টোৰ বিভিন্ন দিশ পর্যালোচনা কৰে৷ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ বজ্র পৰি মৃত্যু হ’ল নে বিষক্রিয়াৰ ফলত মৃত্যু হ’ল, তাক লৈ সৃষ্টি হোৱা ৰহস্য আৰু বিতর্ক সন্দর্ভত বনমন্ত্রী পৰিমল শুক্লবৈদ্যই এখন তদন্ত কমিটী গঠন কৰি দিয়ে৷

সেইমর্মে বন বিভাগৰ উপ–বন সংৰক্ষক কে কে দেউৰীৰ নেতৃত্বত গঠন হোৱা ৮জনীয়া তদন্ত কমিটীখনক অহা তিনি দিনৰ ভিতৰত প্রাথমিক তদন্তৰ প্রতিবেদন আৰু ১৫ দিনৰ ভিতৰত বিস্তৃত তদন্তৰ প্রতিবেদন দাখিলৰ নির্দেশ দিয়া হৈছে৷ বনমন্ত্রী শুক্লবৈদ্যই এই সন্দর্ভত প্রকাশ কৰা মতে কমিটীখনে প্রাথমিক পর্যায়ত এইটো নির্ধাৰণ কৰিব যে দৰাচলতে হাতীকেইটা বজ্র পৰি নিহত হৈছিল নে আন কাৰণত নিহত হৈছিল৷ কিয়নো মৃত্যু হোৱা হাতীকেইটাৰ শৰীৰত বজ্র পৰাৰ কোনো চিন প্রত্যক্ষ হোৱা নাই৷ উল্লেখ্য যে ইতিমধ্যে মৃত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পাকস্থলীৰ কিছু অংশ সংগ্রহ কৰা হৈছে৷

RELATED ARTICLES