peepl-small

ৰাজ্যত ১৫ আগষ্টৰ পিছত খুলিব আন্তঃজিলা যাতায়াত

PUBLISHED:

১৫ আগষ্টৰ পিছত আন্তঃজিলা যাতায়াত ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ ইংগিত দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মঙলবাৰে নতুন দিল্লীৰ আছাম হাউছত সম্বোধন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্রীগৰাকীয়ে এই ইংগিত প্রদান কৰাৰ লগতে জনাই যে ১৫ আগষ্টৰ পিছত ৰাজ্যৰ দোকান–পোহাৰ তথা বজাৰ সন্ধিয়া ৬ বজালৈকে খোলা ৰখা হ’ব৷

আনহাতে অসমত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা দৈনিক ৫০০ৰ তললৈ নামিলে ১ ছেপ্ঢেম্বৰৰ পৰা চূডান্ত বর্ষৰ ছাত্র–ছাত্রীসকলৰ বাবে শিক্ষানুষ্ঠানসমূহ খুলি দিয়া হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মঙলবাৰে সংবাদ মেলত জানিবলৈ দিয়ে৷ এইক্ষেত্রত স্নাতক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ কথা ব্যক্ত কৰে৷ অর্থাৎ স্নাতক শ্রেণীৰ তৃতীয় বর্ষ আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে এই সুবিধা প্রদান কৰা হ’ব৷

RELATED ARTICLES