peepl-small

মুখ্যমন্ত্রীৰ ইংগিতঃ ১৫ আগষ্টলৈ ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা যাতায়াত

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক’ৰোনাৰ পৰিৱেশ কিছু উন্নত হৈছে যদিও আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত এতিয়াও অব্যাহত আছে নিষেধাজ্ঞা৷ পৰিস্থিতি উন্নত হ’লে ১৫ আগষ্টৰ পাছতহে খোলা হ’ব আন্তঃজিলা যাতায়াত৷  এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মন্ত্রীগৰাকীয়ে কয়– ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হৈছে যদিও আন্তঃজিলা যাতায়াত এতিয়া খোলা সম্ভৱ নহয়৷ মই নাভাবোঁ যে বর্তমান পৰিস্থিতিত ১৫ আগষ্টৰ পূর্বে আন্তঃজিলা যাতায়াত খুলিব পাৰিব৷ কিন্তু আমি কিছু শিথিলতা দিব পাৰিম৷ যিসকল লোকৰ আন্তঃজিলা যাতায়াত কৰিব লগা আছে, তেওঁলোকক ১৫ আগষ্টৰ পাছত সপ্তাহটোৰ এদিন বা দুদিন যাতায়াতৰ বাবে শিথিল কৰি দিয়া হ’ব৷ পৰৱর্তী সময়ত সপ্তাহটোত তিনি দিন বা চাৰি দিন খুলি দিয়া হ’ব৷ পর্যায়ক্রমে এনেদৰে আন্তঃজিলা যাতায়াত খোলা হ’ব৷ এইবাৰ যথেষ্ট শিথিলতা অনা হৈছে৷ কিন্তু সান্ধ্য আইন থকা জিলাকেইখনত আমাৰ চেষ্টা হ’ব অহা সোমবাৰৰ পৰা সান্ধ্য আইন প্রত্যাহাৰ কৰা৷

RELATED ARTICLES