peepl-small

ইন্দিৰা গান্ধীয়ে ঈৰ্ষা কৰা কোচবিহাৰৰ ৰাজকুমাৰীগৰাকী

PUBLISHED:

ৰিংকুমণি পাঠক

ভাৰতীয় গণতন্ত্ৰৰ এক কলংকিত অধ্যায় — জৰুৰীকালীন অৱস্থা। ১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা গান্ধীৰ নিৰ্দেশত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে দেশত ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থা।
১৯৭৭ চনলৈকে বৰ্তি থকা জৰুৰীকালীন অৱস্থাৰ কালছোৱাত ইন্দিৰা গান্ধীৰ আক্ৰোশৰ বলি হৈছিল বহুজন। তাৰ ভিতৰত গায়ত্ৰী দেৱীও আছিল অন্যতম।

কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ ৰাজমাতা — গায়ত্ৰী দেৱী। আমেৰিকাৰ বিখ্যাত ‘Vogue’ আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বৰ দহগৰাকী সুন্দৰী নাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল গায়ত্ৰী দেৱী।
ভাৰতৰ সুন্দৰী, প্ৰগতিশীল, ৰুচিশীল মহাৰাণীসকলৰ ভিতৰত অন্যতম হিচাপে আজিও মনত পেলোৱা হয় ৰাজমাতা গায়ত্ৰী দেৱীক। কোৱা হয় — গায়ত্ৰী দেৱীৰ অনন্য সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ প্ৰতি ঈৰ্ষান্বিত আছিল ইন্দিৰা গান্ধী।

তেনে ঈৰ্ষা বা বিদ্বেষৰ ফলতেই গায়ত্ৰী দেৱীক জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ইন্দিৰা গান্ধীয়ে।

সৌন্দৰ্য সচেতন মহাৰাণী গায়ত্ৰী দেৱীয়ে চিফন শাৰী পিন্ধি ভাল পাইছিল।

সদায় পিন্ধা মুকুতাৰ মালা আৰু ছানগ্লাছে তেওঁক দিছিল অনন্য ৰূপ। জোতা আৰু গাড়ীৰ প্ৰতিও তেওঁৰ বিশেষ ৰাপ আছিল। ভাল পাইছিল চিগাৰ হুপিবলৈ।

কোচবিহাৰৰ মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু মহাৰাণী ইন্দিৰা ৰাজেৰ কন্যা গায়ত্ৰী দেৱীৰ জন্ম হৈছিল ১৯১৯ চনত। পৰিয়ালৰ লোকসকল আৰু ঘনিষ্ঠ মহলে তেওঁক আয়েশা বুলি মাতিছিল । প্ৰায় পাঁচশ লিগিৰা-লিকচৌৱে আৱৰি ৰাখিছিল আয়েশাক। কিন্তু, ৰক্ষণশীলতাই বান্ধি ৰাখিব পৰা নাছিল ৰাজকন্যাগৰাকীক। আধুনিক শিক্ষা-দীক্ষাৰে শিক্ষিত হৈ এক মুকলি আৰু প্ৰগতিশীল জীৱন যাপন কৰাৰ পোষকতা কৰিছিল তেওঁ।

কোচবিহাৰৰ ৰাজকুঁৱৰী গায়ত্ৰী দেৱীয়ে বাৰ বছৰ বয়সত তেওঁতকৈ দুগুণ ডাঙৰ মান সিং দ্বিতীয়ৰ সৈতে বিয়াত বহিছিল। তেওঁ আছিল মান সিঙৰ তৃতীয় পত্নী। ফলত কোচবিহাৰৰ ৰাজকন্যাগৰাকী হৈ পৰিছিল জয়পুৰৰ মহাৰাণী।

১৯৬২ চনত তেওঁ জয়পুৰৰ পৰা স্বতন্ত্ৰ পাৰ্টীৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মুঠ ২,৪৬,৫১৬ ভোটৰ ভিতৰত ১,৯২,৯০৯ টা ভোট (৭৮%) লাভ কৰি জয়ী হৈছিল ৰাণী গায়ত্ৰী। সেই সময়ত এয়া আছিল এক বিশ্ব অভিলেখ। ১৯৬৭ আৰু ১৯৭১ চনৰ নিৰ্বাচনতো তেওঁ জয়ী হৈছিল।

ইন্দিৰা গান্ধীয়ে কিয় বেয়া পাইছিল গায়ত্ৰী দেৱীক?

ইন্দিৰা আৰু গায়ত্ৰীয়ে শৈশৱৰ পৰাই দুয়ো দুয়োকে চিনি পাইছিল। দুয়ো ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত শান্তি নিকেতনৰ পাঠ ভৱনত অধ্যয়ন কৰিছিল।
গায়ত্ৰীৰ প্ৰতি ইন্দিৰা গান্ধীয়ে পোষণ কৰা ঈৰ্ষাৰ কথা সাংবাদিক, লেখক খুচৱন্ত সিঙে লিখিছিল — “ইন্দিৰাই তেওঁতকৈ ধুনীয়া আন মহিলাক সহ্য কৰিব পৰা নাছিল আৰু সংসদতে তেওঁক অপমান কৰিছিল।”
সিঙৰ মতে গায়ত্ৰী দেৱীৰ ৰূপে ইন্দিৰাৰ আক্ৰোশী, হিংসুক চৰিত্ৰক উলিয়াই আনিছিল।

‘The Independent’ত প্ৰকাশিত এক প্ৰতিবেদনৰ মতেও সংসদত গায়ত্ৰী দেৱীৰ উপস্থিতি ইন্দিৰা গান্ধীৰ বাবে আছিল মূৰৰ কামোৰণি। পাঠ ভৱনত পঢ়া কালৰে পৰা গায়ত্ৰীৰ ৰূপ আৰু বিভূতিৰ প্ৰদৰ্শনে ক্ষুব্ধ কৰিছিল ইন্দিৰাক।

১৯৬২ চনত যেতিয়া গায়ত্ৰীয়ে অভিলেখসংখ্যক ভোটেৰে জিকিছিল, স্বাভাৱিকতে ইন্দিৰা গান্ধী ৰাজমাতাকলৈ শংকিত হৈ পৰিছিল।
এনেবোৰ কাৰণতে ইন্দিৰাই মহাৰাণী গায়ত্ৰী দেৱীক ছমাহৰ বাবে জে’ললৈ নিক্ষেপ কৰিছিল বুলি বিভিন্নজনে দাবী কৰি আহিছে।

RELATED ARTICLES