peepl-small

টকিঅ’ত উজলিছে ভাৰতীয় ৰমণী

PUBLISHED:

সম্প্রতি সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষৰ তথা অসমবাসীৰ দৃষ্টি নিবদ্ধ জাপানৰ ৰাজধানী টকিঅ’ত চলি থকা ক্রীড়া বিশ্বৰ মহাৰণ অলিম্পিকত৷ তাতে আকৌ এইবাৰ অসম কন্যা লাভলীনাই অসমীয়াৰ বহুদিনীয়া অপূর্ণ স্বপ্ণ বাস্তৱত সাকাৰ ৰূপ দি পদক নিশ্চিত কৰিছে৷ ভাৰতৰ পুৰুষ হকী দলটোক লগতে দুই–এজন পুৰুষক বাদ দি সামগ্রিকভাৱে অন্য ইভেণ্টসমূহত পুৰুষ ক্রীড়াবিদৰ তুলনাত মহিলা ক্রীড়াবিদে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে এইবাৰৰ অলিম্পিকত৷ ইতিমধ্যেই দেশৰ চুকে–কোণে সর্বত্র উত্তৰ– পূর্বাঞ্চলৰ গুণানুকীর্তন আৰম্ভ হৈছে৷ কাৰণ উত্তৰ–পূবৰ দুই ৰমণীয়ে নিশ্চিত কৰিছে এইবাৰ অলিম্পিকত ভাৰতৰ হৈ প্রথম দুটা পদক৷ মণিপুৰী জীয়ৰী চেইখম মীৰাবাঈ ছানুৱে প্রথম দিনটোতে ভাৰোত্তোলনত ৰূপ নিশ্চিত কৰাৰ লগে লগে সমগ্র দেশতে আৰম্ভ হৈছিল উছাহৰ ঢ়ৌ৷ ছানুৰ সফলতাৰ পিছতেই চাইনিছ টাইপেয়ীৰ চেন নিয়েন চিনক কোৱার্টাৰ ফাইনেলত হৰুৱাই লাভলীনাই ইতিহাস ৰচাৰ লগে লগে অসম তথা উত্তৰ– পূবৰ ভূমিত আৰম্ভ হয় আবতৰীয়া দেৱালী৷

বহু সময়ত দেশৰ বিভিন্ন প্রান্তত লাঞ্ছনা, অপমান, কটুক্তিৰ সন্মুখীন হ’বলগীয়া হোৱা উত্তৰ– পূর্বাঞ্চলৰ দুই জীয়ৰীয়ে যেন ইয়াৰ উচিত প্রত্যুত্তৰ দিলে অলিম্পিকৰ মঞ্চত ভাৰতক পদক উপহাৰ দি৷

যাৰ ফলত এই অঞ্চলটোৰ কথা পুনৰবাৰ ভাৰতৰ বিভিন্ন প্রান্তত অনুৰণন কৰিবলৈ বাধ্য হ’ল৷ যিটো উত্তৰ–পূর্বাঞ্চলৰ ক্রীড়াক্ষেত্রৰ বাবে এক গুৰুত্বপূর্ণ দিশ৷ ভাৰতীয় ক্রীড়াৰ অন্যতম পাৱাৰ হাউছ উত্তৰ–পূর্বাঞ্চলৰ পৰা টকিঅ’ত জিলিকি উঠা মীৰাবাঈ ছানু আৰু লাভলীনা বৰগোহাঁয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰা নাছিল৷ এসময়ত পিঠিত খৰিৰ বোজা কঢ়িওৱাৰ পৰা আদি কৰি বাটকুৰি বাই প্রশিক্ষণ কেন্দ্রলৈ যোৱা মীৰাবাঈ ছানুৰ মনৰ দৃঢ়তা আছিল অপৰিসীম৷ জীৱনৰ আদিছোৱাত আর্চাৰীৰ প্রতি আকর্ষিত হৈছিল যদিও পৰৱর্তী সময়ত নিজ ৰাজ্যৰে প্রখ্যাত ভাৰোত্তোলক কুঞ্জৰাণী দেৱীৰ নাম শুনি সলনি হৈছিল শৈশৱৰ প্রেম আৰু আৰম্ভ হৈছিল এক নতুন যাত্রা৷ ২০১৬ চনত ৰিঅ’ত ব্যর্থতাৰ পিছত চিৰদিনৰ বাবে খেল বাদ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিব বিচৰা মীৰাবাঈৰ সেই আশা তাইৰ ওপৰত থকা মাকৰ অপৰিসীম আত্মবিশ্বাসৰ বাবে বাস্তৱত পৰিণত নহ’ল আৰু পাঁচ বছৰ পিছত মীৰাবাঈ ছানুৱে লাভ কৰিলে প্রত্যাশিত সফলতা৷

পথাৰত ভূঁই ৰোৱাৰ পৰা আদি কৰি মেখেলা–চাদৰ পিন্ধাৰ ভয়ত বিদ্যালয়লৈ যাব নোখোজা সেইজনী লাভলীনাই যে অলিম্পিক খেলিব হয়তো বহুতৰে বাবে সপোনৰো অগোচৰ আছিল৷ কিন্তু কোনোৱেই নভবা এইগৰাকী লাভলীনাই আজি অসমীয়াক অলিম্পিকৰ মঞ্চত গর্বিত কৰি তুলিলে৷ নিজৰ ইচ্ছা, একাগ্রতা আৰু কঠোৰ পৰিশ্রমৰ ফলত দৰিদ্রতাৰ হেঙাৰ হেলাৰঙে ওফৰাই আজি দহজনৰ আদর্শ হৈ থিয় দিছে এওঁলোকে৷
ৰাণী ৰামপাল– এই নামটোও সম্প্রতি সর্বত্র চর্চিত৷ কাৰণ এইগৰাকী তাৰকাৰ নেতৃত্বতেই ভাৰতীয় মহিলা হকী দলে ইতিহাস স্থাপন কৰিলে টকিঅ’ত৷

২০১৩ চনৰ জুনিয়ৰ মহিলা বিশ্বকাপ হকী প্রতিযোগিতাৰ ব্রঞ্জ জয়ী ভাৰতীয় দলৰ সদস্য তথা সেইবাৰৰ প্লেয়াৰ অৱ দ্য টুর্নামেণ্টৰ সন্মান লাভ কৰা ৰাণীয়ে তেতিয়াও ভাৰতবাসীৰ দৃষ্টি আকর্ষণ কৰিছিল৷ আমি আৰু আশাবাদী ইতিহাস স্থাপনতে ক্ষান্ত নাথাকি ভাৰতীয় দলে ডিঙিত আঁৰি ল’ব অলিম্পিকৰ পদক৷

লাভলীনা, মীৰাবাঈ ছানু, পি ভি সিন্ধুই পদক নিশ্চিত কৰিলে যদিও এইবাৰ অলিম্পিকৰ অন্যতম পদকপ্রত্যাশীৰ তালিকাত থকা এম চি মেৰী কম, দীপিকা কুমাৰী, পূজা ৰাণী আদিয়ে অৱশ্যে পদক লাভ কৰাত ব্যর্থ হয়৷ পদ্মভূষণ বিজয়ী তাৰকা শ্বাটলাৰ পুর্চালা ভেংকটা সিন্ধুৰ পৰা এইবাৰ বহুতেই স্বর্ণ আশা কৰিছিল যদিও ছেমি ফাইনেলত বিশ্বৰ শীর্ষস্থানৰ প্রতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ মহিলাৰ ছিংগলছ শাখাত ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হয় বিগত অলিম্পিকৰ ৰূপ বিজয়ী সিন্ধু৷ ২০১৬ত ৰূপ আৰু এইবাৰ ব্রঞ্জ নিশ্চিত কৰি একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰা প্রথমগৰাকী ভাৰতীয় মহিলা হোৱাৰ কৃতিত্ব অর্জন কৰে সিন্ধুৱে৷

এইবাৰ টকিঅ’ত সুদীর্ঘ ৪১ বছৰ পিছত অলিম্পিকৰ মঞ্চত উজলিছে ভাৰতীয় পুৰুষ হকী দল৷ পুৰুষৰ সমান্তৰালভাৱে মহিলা হকী দলেও এইবাৰ দুর্দান্ত প্রদর্শন আগবঢ়াই কোৱার্টাৰ ফাইনেলত তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্রেলিয়াক হৰুৱাই প্রথমবাৰৰ বাবে অলিম্পিকৰ ছেমিত প্রৱেশ কৰি পদক জয়ৰ আশা সজীৱ কৰিছে৷৷ ই যেন ভাৰতীয় হকীৰ সোণালী সুদিন ঘূৰি অহাৰ ইংগিত৷ ডিছকাছ থ্র’ৱাৰ কমলপ্রীত কৌৰ, অলিম্পিকলৈ যোগ্যতা অর্জন কৰা প্রথমগৰাকী ভাৰতীয় ফেন্সাৰ ভৱানী দেৱী, টেবুল টেনিছ তাৰকা মণিকা বাট্ৰাৰ প্রদর্শনেও পদক জয় কৰিব নোৱাৰিলেও অনুৰাগীৰ হূদয় জিনিছে৷ ভাৰতৰ সামগ্রিক প্রদর্শন বিচৰা ধৰণে আশানুৰূপ নহ’লেও লাভলীনাৰ ঐতিহাসিক সফলতা আৰু মীৰাবাঈ ছানুৰ প্রত্যাশিত সাফল্যই উত্তৰ–পূর্বাঞ্চলক বিশ্বৰ মঞ্চত পুনৰবাৰ জিলিকাই তুলি এক ন–দিগন্তৰ পথ মুকলি কৰিলে৷ হকীৰ উভয় শাখাৰ সমান্তৰালভাৱে অলিম্পিকৰ মঞ্চত অব্যাহত থাকক ভাৰতবর্ষ তথা উত্তৰ–পূর্বাঞ্চলৰ বিজয়ধ্বজা৷ আগলেও উপহাস, অৱহেলাৰ প্রত্যুত্তৰ এনেদৰেই দিয়ক উত্তৰ–পূর্বাঞ্চলবাসীয়ে৷

RELATED ARTICLES