peepl-small

বিটিআৰত অৰুণোদই–স্বয়ম আঁচনি ৰূপায়ণক লৈ মুখ্যমন্ত্রী ড০ শর্মাৰ বৈঠক

PUBLISHED:

গুৱাহাটী: অর্থনৈতিকভাৱে দুর্বল মহিলাক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰে ৰাজ্যৰ কেইবালাখ মহিলা উপকৃত হোৱাৰ বিপৰীতে এতিয়াও এই আঁচনিৰ পৰা বঞ্চিত বি টি আৰ অঞ্চল৷ একেদৰে ৰাজ্য চৰকাৰৰ স্বয়ম আঁচনিৰ পৰাও বঞ্চিত হৈ আছে বি টি আৰৰ বাসিন্দাসকল৷ বি টি আৰৰ এই লোকসকলক এই আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷

খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকতে মুখ্যমন্ত্রীয়ে আঁচনি দুখনৰ সফল ৰূপায়ণৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উপায়ুক্তক৷

উল্লেখ্য যে বি টি আৰ অঞ্চল স্বায়ত্তশাসিত পৰিষদৰ অন্তর্ভুক্ত হোৱা হেতু এই আঁচনি ৰূপায়ণৰ ক্ষেত্রত কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল৷ বিগত বর্ষৰ ২ ডিচেম্বৰত আৰম্ভ কৰা এই আঁচনি বি টি আৰত ৰূপায়ণ হোৱা নাছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে এনে জটিলতা আঁতৰাই অৰুণোদয় আৰু স্বয়ম আঁচনি দুখন বি টি আৰত ৰূপায়ণৰ সিদ্ধান্ত লয়৷ অৰুণোদয় আঁচনিৰ জৰিয়তে উপার্জন নথকা পৰিয়ালৰ মহিলাক প্রতিমাহে প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে ৮৩০ টকা প্রদান কৰি অহা হৈছে৷ আজিৰ বৈঠকত বি টি আৰৰ অন্তর্গত চাৰিখন জিলাৰ উপায়ুক্তক দ্রুতভাৱে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ এইক্ষেত্রত অঞ্চলটোত জনপ্রতিনিধিৰ সৈতেও আলোচনাৰ পৰামর্শ দি জুন মাহৰ পৰাই আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷  আনহাতে আজিৰ এই বৈঠকতেই নৱৰূপত স্বয়ম আঁচনিখন ৰূপায়ণৰ ক্ষেত্রতো বিভিন্ন দিশ আলোচনা কৰা হয়৷

মুখ্যমন্ত্রীয়ে আগন্তুক জুন মাহৰ পৰা এই আঁচনিখন ৰূপায়ণৰ নির্দেশ দিয়াৰ লগতে হিতাধিকাৰীৰ তালিকাও তৎকালে প্রস্তুত কৰাৰ নির্দেশ দিয়ে৷ স্বয়ম আঁচনিৰ জৰিয়তে ব্যক্তিগত তথা সামূহিক গোটক নতুন ব্যৱসায় অথবা ব্যৱসায় সম্প্রসাৰণ কৰাৰ বাবে আর্থিক সহযোগিতা আগবঢ়োৱা হ’ব৷ মুখ্যতঃ কৃষিখণ্ড, গ্রাম্য উদ্যোগ, গ্রাম্য শিল্পক শক্তিশালী কৰাৰ লক্ষ্যৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে৷ আজিৰ বৈঠকত গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘল, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, সাংসদ দিলীপ শইকীয়া, বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হাৰ লগতে বিটিচিৰ বিধায়ক আৰু কার্যবাহী সদস্যসকল উপস্থিত থাকে৷

RELATED ARTICLES