peepl-small

আইআইটি গুৱাহাটীৰ ছাত্রীক দলবদ্ধ ধর্ষণ গ্রেপ্তাৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ ছাত্র

PUBLISHED:

গুৱাহাটীঃ দেশৰ ভিতৰতে কাৰিকৰী শিক্ষাৰ অন্যতম প্রতিষ্ঠান আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ এগৰাকী ছাত্রী দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনাই ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ–উলাহৰ মাজতে যোৱা ২৮ মার্চৰ মাজনিশা শিক্ষানুষ্ঠানখনত অধ্যয়নৰত গুজৰাটৰ এগৰাকী ছাত্রী ওচৰতে থকা পথৰ জাৰণিত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয়৷ ইয়াৰ পাছতে ছাত্রীগৰাকী দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনা পোহৰলৈ আহে৷

তাৎপর্যপূর্ণভাৱে উত্তৰ গুৱাহাটীস্থিত শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰা কেইজনমান ছাত্রই ছাত্রীগৰাকীক ফাকুৱাৰ নিশা মাদক দ্রব্য সেৱন কৰোৱাই ধর্ষণ কৰে৷

মুমূর্ষু ছাত্রীগৰাকীক জি এম চি এইচলৈ প্রেৰণ কৰা হৈছিল যদিও ধর্ষণৰ ঘটনা হোৱাহেতুকে পিছত আই আই টি গুৱাহাটীৰ হাস্পতালত ভর্তি কৰোৱা হয়৷ ধর্ষণ কার্যত লিপ্ত কোনো ছাত্রই ফোন কৰি হাস্পতালত খবৰ দিয়াত ছাত্রীগৰাকীক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও শিক্ষানুষ্ঠানখনৰ কর্তৃপক্ষই এই ঘটনাটো গাপ দিব বিচাৰিছিল যদিও সংবাদ মাধ্যমে পোহৰলৈ আনে৷

ইয়াৰ পাছতে উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীৰ পৰামর্শমর্মে কালি আমিনগাঁও আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩৬৭ (ধর্ষণ) ধাৰা ৫৫/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ এই গোচৰটোৰ তদন্ত কৰি আৰক্ষীয়ে ধর্ষণৰ ঘটনাত জড়িত থকা উক্ত শিক্ষা প্রতিষ্ঠানখনতে অধ্যয়ন কৰা ৰসায়ন বিজ্ঞান বিভাগৰ উৎসৱ কদম নামৰ এজন জ্যেষ্ঠ ছাত্রক গ্রেপ্তাৰ কৰে৷

ধৃত ছাত্রজনৰ ঘৰ মহাৰাষ্ট্রত বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷ ধৃত ছাত্রজনক  আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে কাৰাগাৰলৈ প্রেৰণ কৰে৷

ইপিনে, উক্ত ঘটনাত জড়িত থকাৰ সন্দেহত আন চাৰিজন ছাত্রক আটক কৰি আৰক্ষীয়ে সোধ–পোছ কৰি আছে৷

RELATED ARTICLES