peepl-small

আয়ুর্বেদিক কলেজৰ ক’ভিড হাস্পতালত শীঘ্রে আইচিইড

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় চৌহদত বিগত বর্ষত স্থাপন কৰা ১২০খন বিছনাযুক্ত ক’ভিড চিকিৎসালয়খনত ক’ভিড ৰোগীৰ বাবে নির্মাণ কৰি থকা হৈছে ১৪টা আই চি ইউ আৰু ৩৭টা ছেমি আই চি ইউ ৷

অসমৰ তদানীন্তন স্বাস্থ্যমন্ত্রী আৰু বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত বিগত বর্ষত অসম চৰকাৰৰ লোকনির্মাণ ( গৃহ ) বিভাগে ক’ভিড ৰোগীৰ বাবে নির্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ইতিমধ্যে প্রায় ৮০ শতাংশ নির্মাণ সম্পূর্ণ হৈছে ৷ ৪ জুনত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় চিকিৎসালয়ৰ পৰিচালনা কমিটীৰ সভাপতি আৰু স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই মহাবিদ্যালয়ত উপস্থিত হৈ এখন পর্যালোচনা বৈঠকত ভাগ লৈ বাকী থকা কামখিনি শীঘ্রেই সম্পূর্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

চিকিৎসালয়ৰ উপ– অধীক্ষক ডাঃ বিপুল নাথে আঁত ধৰা বৈঠকখনত বিধায়কগৰাকীয়ে নির্মাণ কৰি থকা আই চি ইউ আৰু ছেমি আই চি ইউসমূহত ৮০টা জাম্বু অক্সিজেন চিলিণ্ডাৰ সংযোজনৰ যাৱতীয় কামখিনি শীঘ্রে সম্পন্ন কৰাৰ যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দায়িত্ববাহীসকলক আহ্বান জনায় ৷ দৰকাৰ হ’লে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক বিষয়টো অৱগত কৰি কামখিনি শীঘ্রে সম্পূর্ণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও বিধায়ক কলিতাই সদৰী কৰে৷

RELATED ARTICLES