peepl-small

গোসাঁইগাঁৱত ঘৈণীয়েক বুলি নিশা খুলশালীয়েকক দাৰে উপর্যুপৰি ঘাপ

PUBLISHED:

গুৱাহাটী:  গোসাঁইগাঁও থানাৰ অন্তর্গত ঘুগুঝোৰা গাঁৱত সম্পর্কীয় ভিনীয়েকৰ দাৰ ঘাপত যোৱানিশা গুৰুতৰভাৱে আহত হয় এগৰাকী ১৩ বছৰীয়া কিশোৰী৷ জানিব পৰা মতে, গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তর্গত বৰবিল গাঁও নিৱাসী দিলীপ চৰেনৰ চাৰি বছৰ পূর্বে ২৮ নং ঘুগুঝোৰা গাঁৱৰ দিলিলা মুর্মুৰ লগত বিবাহ হয় যদিও স্বামী–স্ত্রীৰ মাজত কোনো কথাত কাজিয়া সৃষ্টি হোৱাত এমাহ ধৰি দিলিলাই স্বামীগৃহৰ পৰা তাইৰ আঠ মহীয়া একমাত্র পুত্রক লৈ ঘুগুঝোৰাৰ নিজ সম্পর্কীয় বায়েকৰ গৃহলৈ গুচি আহে আৰু তাতে থাকিবলৈ লয়৷

ইপিনে দিলীপ চৰেনে যোৱানিশা পত্নী দিলিলাক দাৰে ঘপিয়াই হত্যা কৰাৰ পৰিকল্পনা কৰে আৰু সেইমতে নিশা প্রায় দহ বজাত ঘুগুঝোৰা গাঁৱৰ বায়েকৰ ঘৰৰ ওচৰত খাপপিটি থাকে যদিও ভুলবশত নিশাৰ আন্ধাৰত পত্নী বুলি গাঁওখনৰ পত্নীৰ সম্পর্কীয় ভনীয়েক ৰাণী হাসদাক দাৰে উপুর্যুপৰি ঘপিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ সম্প্রতি ৰাণী হাসদা গুৰুতৰ অৱস্থাত কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে৷ আনহাতে ঘটনাত জড়িত দিলীপ চৰেনে দেওবাৰে পুৱা আৰক্ষীৰ আগত আত্মসমর্পণ কৰিছে বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷

RELATED ARTICLES