গুৱাহাটীঃ ৰাজ্যৰ ক’ভিড-১৯ পৰিস্থতি উন্নত নহ’লে বাতিল কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা।
“পৰিৱেশ যদি ২ তাৰিখলৈকে উন্নত নহয়, তেন্তে মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আমি বাতিল কৰিব লাগিব। কিন্তু ২ তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম যাতে নতুন চৰকাৰে সিদ্ধান্তটো ল’ব পাৰে।”-ড০ শৰ্মাই এনেদৰে প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে কামৰূপ মহানগৰ জিলাত কৰোনা ৰোগীৰ সংখ্যা দৈনিক এহাজাৰ হ’লে শিক্ষানুষ্ঠআনসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হ’ব।