peepl-small

Breaking: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি

PUBLISHED:

গুৱাহাটীঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি ঘটোৱা হৈছে। পাঁচ জুনলৈ পিছুৱাই দিয়া হৈছে ‘Modern Indian Language’ আৰু ‘Alternative English’-ৰ পৰীক্ষা।

১৯ মে’ৰ বিয়লি এই বিষয় দুটাৰ পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল যদিও সেই দিনটোত বৰাক উপত্যকাত ভাষা দিৱস পালন কৰা হয় বাবে পিছুৱাই দিয়া হৈছে পৰীক্ষা।

আনহাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কম্পিউটাৰ বিজ্ঞানৰ পৰীক্ষা ১৯ মে’ত অনুষ্ঠিত হোৱা কথা আছিল যদিও ১৭ মে’ৰ পিছবেলালৈ আগুৱাই অনা হৈছে।

RELATED ARTICLES