peepl-small

কিডনী ভালে ৰাখিবলৈ পালন কৰক এইকেইটা নিয়ম

PUBLISHED:

গুৱাহাটীঃ মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে-বৃক্ক (কিডনী)। কিডনীৰ যতন নল’লে শৰীৰক বহু ৰোগে জুৰুলা কৰিব পাৰে। সেয়ে কিডনী বা বৃক্কৰ সঠিকভাৱে যত্ন লোৱাটো অত্যন্ত জৰুৰী।
এই গুৰুত্বপূৰ্ণ অংগটোক ভালে ৰাখিবলৈ পালন কৰক তলত উল্লেখিত নিয়মসমূহ।

ব্যায়াম, শৰীৰচৰ্চা, খেলা-ধূলা আদিৰ জৰিয়তে নিজকে শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখিব।
আপোনাৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিব।
ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব।
ওজন নিয়ন্ত্ৰণত ৰাখিব আৰু স্বাস্থ্যসন্মত খাদ্য খাব।
অত্যাধিক পানীয় খাব।
ধূমপান আৰু মদ্যপানৰ পৰা বিৰত থাকিব।
অত্যাধিক বিষনাশক পিল ( pain killer pill) নাখাব।
যদিহে আপোনাৰ মধুমেহ, ৰক্তচাপ আদিৰ সমস্যা আছে তেন্তে নিয়মীয়াকৈ কিডনীৰ পৰীক্ষা কৰি থাকিব।
নিমখ কমকৈ খাব। বেছি নিমখ থকা বস্তু যেনে আচাৰ, পাপৰ, পেকেট কৰা বস্তু,ৰেস্তোঁৰাৰ খাদ্য আদি কমকৈ খাব।
চেনী, কল্ড ড্ৰিংক, পেকেট কৰা চৰ্বত বা ফলৰ ৰস আদি কমকৈ খাব।

RELATED ARTICLES