peepl-small

কেনেকৈ সৎকাৰ কৰা হ’ব ১৮ টাকৈহাতীৰ?

PUBLISHED:

গুৱাহাটীঃ নগাঁও-কাৰ্বি আংলং সীমান্তৰ তপতজুৰিৰ বামুণী পাহাৰত ১৮টা বন্যহস্তীৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্য।

দুৰ্গম অঞ্চলটোত হাতীকেইটাৰ শেষকৃত্য সম্পন্ন কৰাটোও বন বিভাগৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

এই সন্দৰ্ভত বন বিষয়াৰ এগৰাকী বিষয়াই নিউজ লাইভক জনায় যে মৃত হাতীকেইটা সমাধিস্থ কৰা নহয়।

“সমাধিস্থ কৰা নহয়। তাৰ বাবে জেচিবি আদিৰ দৰকাৰ হ’ব। সেয়ে চিতা জ্বলাই শেষকৃত্য সম্পন্ন কৰা হ’ব। তাৰ বাবেও যথেষ্ট খৰি আৰু অন্যান্য সামগ্ৰীৰ প্ৰয়োজন হ’ব।-এনেদৰে প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।

RELATED ARTICLES