peepl-small

পশ্চিম গুৱাহাটীত বিশাল নির্বাচনী ৰোড শ্ব’ ড০ হিমন্ত বিশ্ব শর্মাৰ

PUBLISHED:

গুৱাহাটীঃ অসমৰ ৰাজনীতিৰ এগৰাকী ব্যতিক্রমী নেতা৷ যুৱ অৱস্থাৰ পৰা ৰাজ্যৰ ৰাজনীতিৰ মূল কেন্দ্র হৈ পৰা এইগৰাকী নেতা হ’ল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ২০০৬ চনৰ পৰাই অসমৰ ৰাজনীতিত চাণক্য ৰূপে পৰিচিত হৈ অহা ড০ শর্মা ২০১৬ৰ নির্বাচন আৰু এইবাৰৰ নির্বাচনত উজলি উঠিছে স্বমহিমাৰে৷ এক কথাত নির্বাচনত সকলো হিচাপ–নিকাচ, সমীকৰণত সিদ্ধহস্ত ড০ শর্মা এইবাৰ নির্বাচনত পৰিচিত হৈ পৰিছে এগৰাকী চেলিব্রিটী নেতা ৰূপে৷ সঁচা অর্থত এগৰাকী চেলিব্রিটীৰ দৰে ড০ শর্মা য’লৈ যায়, তাতেই সমর্থক–নুৰাগীৰ অভাৱনীয় ভিৰ–ভাৱনীয় উছাহ৷ ওচৰৰ পৰা নেতাগৰাকীক চুই চাবলৈ, এখন ফুলাম গামোচা যাচিবলৈ উবুৰি খাই পৰে সকলো স্তৰৰ ৰাইজে৷ ড০ শর্মা উপস্থিত হোৱা মানেই আশাৰ বতৰা৷ এই ধাৰণাৰে তেওঁ য’তেই উপস্থিত হয়, তাতেই ভিৰ কৰে গুণমুগ্ধ, সমর্থক আৰু সাধাৰণ ৰাইজে৷

২০২১ চনৰ বিধানসভা নির্বাচনত সবাতোকৈ ব্যস্ত আৰু চেলিব্রিটী নেতা হিচাপে পৰিগণিত হোৱা মন্ত্রীগৰাকীয়ে এইবাৰ শাসকীয় বিজেপিলৈ কঢ়িয়াই আনিছে প্রচাৰৰ ধুমুহা৷ কার্যতঃ বিজেপি মানে পৰিচিত হৈছে ড০ শর্মা৷ মন্ত্রী ড০ শর্মাৰ উপস্থিতিয়েই যেন শাসকীয় দলটোৰ কার্যকর্তা, সমর্থকৰ মাজত আনি দিয়ে উৎসাহৰ ঢ়ৌ৷ একমাত্র দলৰেই তেওঁ ষ্টাৰ কেম্পেইনাৰ নহয়৷ য’লৈ গৈছে ৰাইজৰ মাজতো তেওঁ এগৰাকী জনপ্রিয় নেতা৷ শেহতীয়াকৈ তেওঁ অত্যধিক জনপ্রিয় হৈ পৰিছে যুৱ সমাজৰ মাজত৷ ৰাজ্যৰ যি অঞ্চললৈ গৈছে, কলেজীয়া ছাত্র–ছাত্রীয়েই হওক, বিদ্যালয়ৰ ছাত্র–ছাত্রীয়েই হওক অথবা যুৱক–যুৱতীয়েই হওক, উবুৰি খাই পৰিছে প্রিয় নেতাজনৰ ওচৰত৷ ছেলফিৰে নেতাজনক আবদ্ধ কৰি ৰাখিছে নিজৰ ম’বাইলত৷

মুঠতে বিজেপিৰ নির্বাচনী প্রচাৰ অভিযানত ছুনামি সৃষ্টি কৰিছে এইগৰাকী চেলিব্রিটী নেতাই৷ কিন্তু শেহতীয়া এক ঘটনাক কেন্দ্র কৰি নির্বাচন আয়োগে মন্ত্রী ড০ শর্মাক কালি নির্বাচনী প্রচাৰৰ ক্ষেত্রত ৪৮ ঘণ্টাৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী সন্দর্ভত নির্বাচনী প্রচাৰ অভিযানত ড০ শর্মাই কৰা এক মন্তব্যত নির্বাচনী আচৰণবিধি উলংঘা হৈছে বুলি বিৰোধীয়ে তোলা অভিযোগৰ ভিত্তিত কালি সন্ধিয়া মন্ত্রী ড০ শর্মাক নির্বাচন আয়োগে নিষিদ্ধ ঘোষণা কৰে৷

৪৮ ঘণ্টাৰ বাবে তেওঁ কোনো ধৰণৰ প্রচাৰ অভিযান চলাব নোৱাৰাকৈ আয়োগে জাৰি কৰা এই নির্দেশে ৰাজ্যৰ ৰাজনীতিত উৎকণ্ঠাৰ সৃষ্টি কৰে৷ স্বাভাৱিকতে কালি দিনৰ ভাগত ড০ শর্মাৰ অনুপস্থিতিত স্তিমিত হৈ পৰে তৃতীয় পর্যায়ৰ প্রচাৰ৷ কিন্তু জনপ্রিয় নেতাগৰাকীয়ে আয়োগৰ ওচৰত দাখিল কৰা আবেদনৰ ভিত্তিত পূর্বে বান্ধি দিয়া ৪৮ ঘণ্টাৰ পৰিৱর্তে ২৪ ঘণ্টালৈ হ্রাস কৰে নির্বাচনী প্রচাৰৰ নিষেধাজ্ঞা৷ শনিবাৰে বিয়লি ৫.৩০ বজাত তেওঁৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰি যোৱাৰ লগে লগে পুনৰ নামি পৰে প্রচাৰ অভিযানত৷

মন্ত্রীগৰাকীয়ে প্রচাৰ অভিযান চলোৱাৰ কথা আছিল বিলাসীপাৰা পূব, বঙাইগাঁও, বিজনী, ভৱানীপুৰ, হাজো আৰু পলাশবাৰীত৷ ছয়খনকৈ নির্বাচনী সভাত উপস্থিত থাকিব নোৱাৰাৰ পৰিস্থিতিয়ে বিজেপিৰ প্রতিখন সভা নিস্তেজ কৰি তোলাই নহয়, কার্যকর্তা আৰু সমর্থকসকলৰ মনতো আহিছিল কিছু হতাশা৷ কিন্তু সেয়া যেন আছিল সাময়িক বিৰতি৷

শনিবাৰে দুপৰীয়াৰ ভাগত নির্বাচন আয়োগে নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্রাস কৰাৰ লগে লগে পুনৰ দুগুণ উৎসাহেৰে ড০ শর্মাই দলৰ কার্যকর্তাক লগত লৈ নামি পৰিল প্রচাৰ অভিযানত৷ মিত্রদলৰ প্রার্থী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ সমর্থনত কালি ভৰলুমুখৰ পৰা লালগণেশলৈ প্রায় ৬ কিলোমিটাৰ পথত উলিয়ায় এক বিশাল ৰোড শ্ব’৷ একেই উৎসাহ, একেই ভিৰ, সমর্থক–গুণমুগ্ধৰ্ একেই হেঁচা–ঠেলা৷

উল্লেখ্য যে কাইলৈ দুগুণ উৎসাহেৰে পুনৰ নির্বাচনী প্রচাৰৰ বাবে সাজু হৈছে মন্ত্রীগৰাকী৷ কালি নিষেধাজ্ঞাৰ বাবে বাতিল হোৱা নির্বাচনী সভাত পুনৰ কাইলৈ উপস্থিত হ’ব তেওঁ৷ আজি বিজনী, দুধনৈ, বৰক্ষেত্রী, হাজোত প্রচাৰ অভিযান শেষ কৰি উপস্থিত হ’ব নিজ সমষ্টি জালুকবাৰীত৷ বিয়লি তিনি বজাত সমষ্টিটোৰ শুৱালকুছিত আয়োজন কৰা হৈছে এখন বিশাল সভাৰ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত গৃহ সমষ্টিত তেওঁ এইবাৰৰ নির্বাচনৰ অন্তিমখন সভাত ভাগ ল’ব৷

RELATED ARTICLES