peepl-small

আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

PUBLISHED:

গুৱাহাটীঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত আপলোড কৰা এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে শিলচৰত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া ভিডিঅ’টো পুনৰ মুকলি কৰিছে ফেচবুকে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভিডিঅ’টোত পাকিস্তান জিন্দাবাদ শ্লোগান দিয়াটো স্পষ্টভাৱে আছে ।

“কোনোবাই ৰিপ’ৰ্ট কৰিছিল, সেয়ে দুদিনৰ বাবে ৰাখি থৈছিল । শুনিলেই গম পোৱা যায় যে তাত পাকিস্তান জিন্দাবাদ আছে।”—ড০ শৰ্মাই এনেদৰে কয় ।

তেওঁ লগতে উল্লেখ কৰে যে এনেধৰণৰ ঘটনা নতুন নহয় । ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল হ’লে পাকিস্তান জিন্দাবাদ দিয়া অনেক উদাহৰণ আছে বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ।

“সংবাদ মাধ্যমত কিমান বাতৰি প্ৰকাশ পাইছে । ক্ৰিকেট খেলৰ পাছত পাকিস্তান জিন্দাবাদ দিয়াৰ বাবে হাইলাকান্দি-কৰিমগঞ্জত কিমান গোচৰ ৰুজু হৈছে।”—এনেদৰে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

RELATED ARTICLES