peepl-small

আছুৰ ৰাজনীতিকৰণ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ অন্যায়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটী: প্ৰথমবাৰলৈ অসমৰ এটা ৰাজনৈতিক দললৈ মুকলি সমৰ্থন ব্যক্ত কৰিলে আছুৱে। শিৱসাগৰত নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত উপস্থিত থাকি মুকলিকৈ সমৰ্থন ব্যক্ত কৰিলে আছুৱে। আছুৰ এই ঘটনাক লৈ বিভিন্নজনে মত প্ৰকাশ কৰাৰ লগতে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো শিৱসাগৰৰ অভিৱৰ্তনৰ মাজেৰে আছুৰো ৰাজনীতিকৰণ সম্পূৰ্ণ হ’ল বুলি মন্তব্য কৰে। সাংবাদিকৰ আগত মত প্ৰকাশ কৰি ড০ শৰ্মাই কয় এইদৰে- ‘সেই অভিৱৰ্তনখনে আছুৰ ৰাজনীতিকৰণ সম্পূৰ্ণ কৰিলে। এতিয়া যদি সদৌ অসম ছাত্ৰ সন্থাৰ কোনো ল’ৰাই আমাক ক’লা পতাকা দেখুৱায়, তেতিয়া আমাৰো যুৱ মৰ্চাই তেওঁলোকক ক’লা পতাকা দেখুওৱাৰ অধিকাৰ থাকিব। কাৰণ এয়া এটা ৰাজনৈতিক দলৰ বিপৰীতে আন এটা ৰাজনৈতিক দলৰ প্ৰদৰ্শন।

“আছুক ৰাজনীতিকৰণ কৰাটো অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ অন্যায় হ’ল। আৰু আছুত এই যিটো দাগ পৰিলে, ইয়াৰ পৰা আছু ওলাই আহিবলৈ বহু বছৰ লাগিব। আৰু মই ভাবোঁ যে হয়তো অসমত আন কোনো অৰাজনৈতিক ছাত্ৰ সংগঠনৰো জন্ম হ’ব। কাৰণ আছুক এতিয়া মানুহে কোনো ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন হিচাপে ব্যৱহাৰ কৰিব।’ ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আছুৰ উপস্থিতি তথা মুকলি সমৰ্থনক অগপৰ সভাপতি তথা প্ৰাক্তন আছু নেতা অতুল বৰায়ো সমালোচনা কৰে।

RELATED ARTICLES