peepl-small

অন্তিম দিনা নিজ সমষ্টি জালুকবাৰীত উপস্থিত হৈ আৱেগিক ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

গুৱাহাটী: নির্বাচনৰ দিন ঘোষণাৰে পৰা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিদিনে ৰাজ্যখনৰ ইটোৰ পাছত সিটো সমষ্টিত ধাৰাবাহিক হাইভ’ল্টেজ প্রচাৰ চলাই অহাৰ পাছত তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনী প্রচাৰৰ সামৰণিৰ দিনটোত গৃহসমষ্টি জালুকবাৰীৰ শুৱালকুছিত উপস্থিত হৈ এখন বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷

শুৱালকুছিৰ মহাবাহুৰ পাৰত এক উখল–মাখল পৰিৱেশত আয়োজিত নির্বাচনী সমাৱেশখন সম্বোধন কৰাৰ পূর্বেই ড০ শর্মাই পত্নী, পুত্র আৰু কন্যাৰ সৈতে মঞ্চৰ পৰা ৰাইজৰ আশীর্বাদ লয়৷ ভাষণত সমষ্টিটোৰ বিজেপি প্রার্থী ড০ শর্মাই কয়– ‘জালুকবাৰী মোৰ তপস্যাৰ ভূমি৷ সেই তপস্যাৰ ভূমি কর্মভূমিত পৰিণত হ’ল৷ মই সদায়ে জালুকবাৰীৰ হৈ থাকিম৷ ড০ শর্মাই পুনৰ কয়– জালুকবাৰীৰ প্রতিটো পৰিয়ালৰ মই এজন সদস্যৰ দৰে৷ প্রতিগৰাকী পিতৃ–মাতৃৰ মই এজন সন্তানৰ দৰে৷ প্রতিগৰাকী যুৱক–যুৱতীৰ মই ভাতৃ–অভিভাৱকস্বৰূপ। জালুকবাৰীৰ ৰাইজৰ মৰম আৰু আশীর্বাদে মোক আগবঢ়াই নিছে৷’

১৯৯৩ চনত কটন কলেজৰ হোষ্টেলৰ পৰা প্রথম জালুকবাৰীলৈ অহাৰ স্মৃতি ৰোমন্থন কৰি তেওঁ  জালুকবাৰীবাসীৰ প্রতিটো পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰিছে বুলি উল্লেখ কৰে। ১৯৯৬ চনৰ নির্বাচনত তেওঁ পৰাজয়বৰণ কৰে৷ ২০০১ চনৰ নির্বাচনত ১২ হাজাৰ ভোটৰ ব্যৱধানত, ২০০৬ চনৰ নির্বাচনত ৪২ হাজাৰ ভোটৰ ব্যৱধানত, ২০১১ চনৰ নির্বাচনত ৭৬ হাজাৰ ভোটৰ ব্যৱধানত আৰু ২০১৬ চনৰ নির্বাচনত ৮৬ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ কথা উল্লেখ কৰি কয়– মোৰ প্রাণত আৰু দেহৰ সিৰে সিৰে জালুকবাৰীৰ বায়ু–পানী সোমাই আছে৷ জালুকবাৰীৰ মৰম, স্নেহ আৰু আশীর্বাদ কেতিয়াও পাহৰিব নোৱাৰোঁ৷

তেওঁৰ মৃত শৰীৰো জালুকবাৰীৰ মাটিতেই সৎকাৰ হ’ব বুলি উল্লেখ কৰি কয়– মোৰ অবিহনেও পুত্র–জীয়াৰী জালুকবাৰীবাসীৰ লগতে থাকিব৷ জালুকবাৰীবাসীক কিবা দিব পৰা–নোৱাৰাৰ কথা উল্লেখ কৰি তেওঁ কয়– চন্দ্রই সূর্যৰ পোহৰখিনিহে বিলাই দিয়াৰ দৰে ময়ো জালুকবাৰীৰ শক্তিকহে জালুকবাৰীবাসীক ওভতাই দিছোঁ৷ ভোট বিচাৰি মই কেতিয়াও জালুকবাৰীবাসীৰ সৈতে সম্পর্কত তিক্ততা আনিব বিচৰা নাই৷ মোক ভোট দিয়াজনো মোৰ আপোন আৰু ভোট নিদিয়াজনো আপোন৷ মোক বেয়া পোৱাজনো আপোন, ভাল পোৱাজনো আপোন৷ জাতি–ধর্ম নির্বিশেষে জালুকবাৰীৰ প্রতিটো পৰিয়াল মোৰ আপোন৷

সন্মুখত যদি হিমালয়ো আহে, সেই হিমালয়ৰ লগতো যুঁজিবলৈ জালুকবাৰীবাসীৰ পৰা আশীর্বাদ বিচাৰে তেওঁ৷ যুঁজি যুঁজি কেতিয়াবা ভাগৰ লাগে, সেই ভাগৰতো তেওঁ জালুকবাৰীবাসীৰ মুখলৈ চাই যুঁজি যায়৷ ভাষণত তেওঁ আৰু কয়– যোৱা পাঁচ বছৰ ৰাজ্যখনত উন্নয়ন কৰাৰ সুযোগ পাই এটাৰ পাছত এটা মাইলৰ খুঁটি অতিক্রম কৰি প্রাপ্তিৰ সুযোগ পাইছোঁ৷ যোৱা পাঁচটা বছৰত প্রাপ্তিৰ যি আনন্দ পাইছোঁ, সেয়া মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব৷

এইক্ষেত্রত মুখ্যমন্ত্রীৰ সহযোগ, একতা, সমন্বয় আৰু ৰাজনৈতিক সহাৱস্থান আছিল৷ অৰুণোদয়, আয়ুস্মান ভাৰত, অটল অমৃত অভিযানে দুখীয়া আৰু দৰিদ্রসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷ যোৱা পাঁচটা বছৰত ডেৰ লাখ নিবনুৱা যুৱক–যুৱতীক চাকৰি, ৬৩ হাজাৰক অৰুণোদয় আঁচনি আৰু পাঁচ লাখ লোকক স্বাস্থ্যসেৱা আগবঢ়োৱা হৈছে৷ শিক্ষাৰ ক্ষেত্রত দ্রুত পৰিৱর্তন হৈছে৷ বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান, ইউনিফর্ম, মধ্যাহ্ণ ভোজন আদিৰে ছাত্র–ছাত্রীৰ মৌলিক বিকাশত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷

অসমৰ সকলো দিশৰে উন্নয়ন বিচৰা হৈছে৷ আধুনিক অসম গঢ়াৰ বাবে সংকল্প লোৱা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বই অসমক আগবঢ়াই নিয়াৰ সুযোগ দিছে৷ অহা পাঁচ বছৰত অসমক দেশৰ ভিতৰতে এখন সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ অংগীকাৰ লোৱা হৈছে৷

ইয়াৰ বাবে অসমবাসী ৰাইজৰ পূর্ণ সহযোগ লাগিব৷ অন্যথা আধুনিক অসমৰ সপোন আধৰুৱা হৈ থাকিব৷ ইপিনে, নির্বাচনী সমাৱেশখনত ড০ শর্মাৰ হৈ প্রচাৰ চলাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– ড০ শর্মা এগৰাকী কাম কৰা মানুহ৷ তেওঁ কথাৰে নহয়, কামেৰে পৰিচয় দাঙি ধৰিছে৷ অসমৰ হৈ ২৪ ঘণ্টাই কাম কৰা এনে এগৰাকী লোকক মন্ত্রীসভাত পাই মই সঁচাকৈয়ে গৌৰৱান্বিত৷ মোৰ মন্ত্রীসভাত তেওঁ কেইবাটাও বিভাগ সুকলমে পৰিচালনা কৰি অসমখনক দ্রুতগতিত আগবঢ়াই নিছে৷

তেওঁ একাগ্রতা, দক্ষতা আৰু নিষ্ঠাৰে কাম কৰি দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ দেশ আৰু ৰাজ্যৰ উন্নয়নত ড০ শর্মা এক প্রেৰণাৰ প্রতীক৷ অসমৰ ৰাইজে তেওঁক যিদৰে মৰম কৰিছে, তেনে কার্য বহু ৰাজ্যত বিৰল৷ ড০ শর্মাৰ প্রচেষ্টাত কালি জালুকবাৰীয়ে নতুন প্রাণ পাইছে৷ জালুকবাৰীৰ প্রতিটো উন্নয়নত ড০ শর্মাৰ অৱদান আছে বুলি উল্লেখ কৰি জালুকবাৰীৰ ৰাইজে এইবাৰ সর্বাধিক ভোটত জয়ী কৰাব লাগিব বুলি তেওঁ ৰাইজৰ পৰা প্রতিশ্রুতি আদায় কৰে৷

মুখ্যমন্ত্রী সোণোৱালে ড০ শর্মাক মঞ্চতে এখন ফুলাম গামোচাৰে আদৰণি জনাই আঁকোৱালি ধৰে৷ সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ কুমাৰ শইকীয়াই ড০ শর্মাক অসমৰ প্রাণ, জালুকবাৰীৰ জান আৰু দেশৰ উজ্জ্বল নক্ষত্র বুলি উল্লেখ কৰি কয় যে এনে এগৰাকী কর্মঠ নেতা বিশ্বতে পাবলৈ বিৰল৷ অসমক উন্নয়নৰ দিশত প্রাণৱন্ত কৰা ড০ শর্মাৰ দেহৰ সিৰে সিৰে উন্নয়নৰ তেজ প্রৱাহিত হৈ আছে৷ সেয়ে জালুকবাৰীৰ ৰাইজে এইবাৰ ড০ শর্মাক এনেদৰে ভোট দিব লাগে যাতে পাঁচ বছৰ পাছত ড০ শর্মাৰ বিৰুদ্ধে কোনেও মনোনয়ন দিবলৈ সাহস নকৰে৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰখনে বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰি দেশৰ ভিতৰতে অসমক আগবঢ়াই নিছে৷ অনাগত দিনত অসমে আকৌ উন্নয়নৰ শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হ’ব৷ ইপিনে, নির্বাচনী সমাৱেশখনত অংশগ্রহণ কৰি ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কয় যে বর্তমানৰ বিজেপি চৰকাৰখনৰ কার্যকাল সোনকালে সামৰণি পৰা যেন লাগিছে৷ কিয়নো বিগত পাঁচটা বছৰত চৰকাৰখনে যিমান কাম কৰিলে তাক এবছৰ এবছৰ যেন লাগিছে৷ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে অসমৰ প্রায় সকলো সমস্যাৰ সমাধান ঘটাবলৈ সক্ষম হৈছে৷

জাতি–জনগোষ্ঠী, উগ্রপন্থীৰ সমস্যা নাইকিয়া কৰি স্থায়ী শান্তি প্রতিষ্ঠা কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বৰ যুটি দেশৰ ভিতৰতে শ্রেষ্ঠ৷ সেইবাবেই আজি ৰাইজে পুনৰবাৰ বিজেপি মিত্রজোঁটৰ চৰকাৰখনকে বিচাৰিছে৷ ৰাইজক মহাজোঁটক ভোট দি ভুল নকৰিবলৈ তেওঁ আহ্বান জনায়৷ সেইদৰে অগপৰ সভাপতি অতুল বৰাই দিছপুৰত পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰি দলৰ সকলো কর্মীকে মিত্রজোঁটৰ প্রার্থীক ভোট দিয়াৰ আহ্বান জনায়৷

RELATED ARTICLES