peepl-small

এপ্রিলৰ পৰা ঘৰুৱা বেডমিণ্টন ছিজন আৰম্ভ

PUBLISHED:

গুৱাহাটীঃ মহামাৰী ক’ভিড–১৯ৰ বাবে প্রায় এবছৰ ধৰি স্তব্ধ হৈ থকা দেশৰ ঘৰুৱা বেডমিণ্টন ছিজন অহা এপ্রিল মাহৰ পৰা পুনৰ আৰম্ভ হ’ব৷ ভাৰতীয় বেডমিণ্টন সন্থাই  তেওঁলোকৰ কার্যবাহী কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷ সভাপতি ড০ হিমন্ত বিশ্ব শর্মা, সম্পাদক অজয় সিংহানিয়াৰ উপস্থিতিত আয়োজিত ভার্ছুৱেল বৈঠকখনত ৰাজ্যিক সন্থাৰ বিষয়ববীয়াসকল অনলাইনযোগে সংযুক্ত হয়৷

সভাপতি ড০ হিমন্ত বিশ্ব শর্মাই এক প্রেছ বিজ্ঞপ্তিত কয় যে দীর্ঘসময় ধৰি খেলুৱৈ তথা বিষয়ববীয়াসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ পিছত এতিয়া ভেকচিনৰ আগমনে নতুন আশা আৰু আত্মবিশ্বাস কঢ়িয়াই আনিছে৷ সেয়ে ভাৰতীয় বেডমিণ্টন সন্থাই প্রতিযোগিতা আৰু খেলুৱৈৰ প্রস্তুতি শিবিৰসমূহ পুনৰ মুকলি কৰিবলৈ সাজু হৈছে৷

ইফালে, মে’ত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া অ’পেন জাকজমকতাপূর্ণভাৱে আয়োজন কৰিবলৈও বাইৰ কার্যবাহী কমিটীয়ে সিদ্ধান্ত লৈছে৷

RELATED ARTICLES