গুৱাহাটীঃ বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য। এজনী কণমানিক কোলাত লৈ মন্ত্ৰী শৰ্মাই ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ প্ৰচাৰ সভাত গীতৰ তালে তালে নৃত্য কৰে।
সভাখনত ব্যাপক জন সমাগম হোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ সৈতে চেলফি উঠিবলৈ অসংখ্য অনুৰাগীয়ে হেতা-ওপৰা লগায় ।
ড০ শৰ্মাই শ্যামাপাৰাৰ আন এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰি বিজেপিৰ সপক্ষে প্ৰচাৰ চলায়।
দুয়োখন সভাতে ভাষণ প্ৰদান কৰি তেওঁ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ তিনিটা কাৰ্যকালৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। ভিচিডিচিৰ দুৰ্নীতি, বিভিন্ন আঁচনিত হোৱা অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰে ড০ হিমন্ত বিশ্ব শৰ্মা।
Happy faces all around ❤
We bow in reverence to you spirited support to us. This was visible at the Public Meeting at Bhairabkund in #Udalguri.
Our promise is to ensure all-round welfare & development of all in #Bodoland. #VoteBJP4BTC @DilipSaikia4Bjp @Utpalborahgohpu pic.twitter.com/FgUoo9ACv8
— Himanta Biswa Sarma (@himantabiswa) November 30, 2020