peepl-small

কিদৰে পালন কৰা হ’ব বিহু? জনালে হিমন্ত বিশ্ব শৰ্মাই

PUBLISHED:

গুৱাহাটীঃ অসমত পুনৰ লকডাউন দিয়া নহয়। বিহু ভালদৰে পালন কৰাৰ উদ্দেশ্যে ৰাজ্যত বৃদ্ধি কৰা হ’ব ক’ভিড পৰীক্ষাৰ সংখ্যা। এই কথা বৃহস্পতিবাৰে এখন সংবাদমেলত ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ড০ শৰ্মাই কয় যে বিহু উদযাপন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হ’ব। নিশা ১২ বজাৰ পাছত বিহুৰ অনুষ্ঠান পতাৰ ক্ষেত্ৰত হয়তো বাধা আৰোপ কৰা হ’ব।

“বিহু কেনেকৈ পালন কৰিব লাগে তাৰো এখন ‘SOP’ উলিয়াম। আমি হয়তো ক’ম-ৰাতি ১২টাৰ পাছত কৰিব নালাগে, ৰাতি ১২টাৰ ভিতৰত বিহু অনুষ্ঠিত কৰিব লাগে।”-এনেদৰে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

বিহুৰ অনুষ্ঠানত সামাজিক দূৰত্ব ৰক্ষা সন্দৰ্ভতো নিৰ্দেশনা জাৰি কৰা হ’ব পাৰে বুলি তেওঁ জনায়।

RELATED ARTICLES