peepl-small

৫ জুনৰ পিছতহে হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিদ্ধান্ত

PUBLISHED:

গুৱাহাটী: চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত শুকুৰবাৰে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) কর্তৃপক্ষ আৰু সদৌ অসম ছাত্র সন্থাৰ নেতৃত্ব৷ শুকুৰবাৰৰ বৈঠকত পৰীক্ষাৰ মডেলিটী, ছাত্র–ছাত্রীৰ শৈক্ষিক স্বার্থ    আৰু স্বাস্থ্যৰ সুৰক্ষা সন্দর্ভত গুৰুত্বপূর্ণ আলোচনা কৰা হয়৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি শুকুৰবাৰ বা শনিবাৰৰ ভিতৰত ছেবাই পৰীক্ষাৰ মডেলিটী প্রস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰিব৷

চৰকাৰৰ লগত আলোচনা কৰি মডেলিটী চূড়ান্ত কৰা হ’ব আৰু তাৰ পাছতে সেয়া শিক্ষার্থীসকলৰ বাবে ৰাজহুৱা কৰা হ’ব৷ এই তথ্য সদৰী কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে ছেবাৰ লগত আছুৰ ইয়াৰ পূর্বেও এলানি আলোচনা হৈছিল৷ আলোচনাত আছুৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ জনোৱা হৈছিল যে কোনো পৰিস্থিতিতে ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষৰ ক্ষতি হ’ব নোৱাৰিব আৰু স্বাস্থ্যও সমানে সুৰক্ষিত হৈ থাকিব লাগিব৷ ছেবা কর্তৃপক্ষয়ো পৰীক্ষা পাতিবলৈ প্রস্তুত বুলি জনাইছিল৷

ইয়াৰ পাছত সদৌ অসম ছাত্র সন্থাই সকলো শিক্ষক সংগঠনৰ লগত আলোচনা কৰি নিজৰ পৰামর্শাৱলী ছেবাৰ ওচৰত দাখিল কৰে৷ ছেবা কর্তৃপক্ষই শুকুৰবাৰে জানিবলৈ দিয়া মতে, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ হ’লে স্বাস্থ্য বিভাগৰ অনুমতিৰ প্রয়োজন হ’ব৷ যিহেতু ৫ জুন পর্যন্ত আন্তঃজিলা যাতায়াত বন্ধ আছে, গতিকে তাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব৷ এটা কথা নিশ্চিত যে পৰিস্থিতি উন্নত হ’লেই হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ আছুৰ তৰফৰ পৰা ছেবাক অনুৰোধ জনোৱা হৈছে যে কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ’ব, কেইখন কাকতৰ পৰীক্ষাত ছাত্র–ছাত্রী অৱতীর্ণ হ’ব লাগিব, সেই বিষয়ে সোনকালে এটা সিদ্ধান্ত সদৰী কৰক৷ তেতিয়াহে ছাত্র–ছাত্রীসকলে সেই অনুসৰি পৰীক্ষাৰ বাবে প্রস্তুতি চলাব পাৰিব৷ প্রত্যুত্তৰত ছেবা কর্তৃপক্ষই জনায় যে শুকুৰবাৰ বা শনিবাৰৰ ভিতৰত পৰীক্ষাৰ মডেলিটী চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব৷ অসম চৰকাৰৰ লগত আলোচনা কৰি ছাত্র–ছাত্রী আশ্বস্ত হ’ব পৰাকৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷

ইপিনে শিক্ষার্থীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰা, পৰীক্ষা গৃহত সম্পূর্ণ ক’ভিড প্রট’কল পালনৰ বাবেও আছু নেতৃত্বই ছেবাক আহ্বান জনায়৷ এই বিষয়ত ছেবা কর্তৃপক্ষই সদৰী কৰে যে পৰীক্ষাৰ দায়িত্ব পালন কৰিবলগীয়া অধিকাংশ শিক্ষকেই নির্বাচনৰ দায়িত্ব পালন কৰিছিল৷ গতিকে তেওঁলোকৰ টিকাকৰণ ইতিমধ্যে সম্পূর্ণ হৈছে৷ যিসকল শিক্ষক–কর্মচাৰীয়ে এতিয়াও ভেকচিন পোৱা নাই, তেওঁলোককো অতি সোনকালে ভেকচিন প্রদান কৰা হ’ব৷ লগতে ছাত্র–ছাত্রীৰ স্বাস্থ্যৰ সুৰক্ষাও নিশ্চিত কৰা হ’ব৷ উল্লেখ্য যে শুকুৰবাৰৰ বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, সচিব সুৰঞ্জনা সেনাপতিৰ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অংশগ্রহণ কৰে৷

RELATED ARTICLES