গুৱাহাটীঃ ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে অব্যাহত থকা নীতি-নিৰ্দেশনাই আহুকালত পেলাইছে ৰাজ্যৰ বহু কৃষকক। কৃষকসকলে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ অসুবিধাৰ যাতে সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিষয়াৰ তত্বাৱধানত প্ৰতিখন জিলাত একোটাকৈ নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে।
এই সন্দৰ্ভত ফেচবুকযোগে ঘোষণা কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয়-“সাম্প্ৰতিক আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত কৃষক ৰাইজে যাতে উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰ্যায়ত জিলা কৃষি বিষয়াৰ তত্বাৱধানত এটাকৈ নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে৷ অনুমোদিত বিক্ৰেতাসকলৰ সৈতে সংযুক্ত হৈ উৎপাদিত শস্য তথা ফল-মূল বিক্ৰীৰ বাবে কৃষক ৰাইজ আৰু ব্যৱসায়ীসকলে উল্লেখ কৰা নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব৷”