peepl-small

আগবেলা প্রচণ্ড যান–জঁট, বিয়লি উকা ৰাজপথ

PUBLISHED:

গুৱাহাটী:  ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত সর্বাধিক লোক আক্রান্ত হৈছে৷ ৰাজ্যত ভয়াৱহভাৱে ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাত চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি চলাৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি আৰক্ষী সঞ্চালকপ্রধানে ঘোষণা কৰিছিল৷ অসম আৰক্ষীয়েও চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ৰাজ্যৰ আন প্রান্ততো দূৰৈৰে কথা, খোদ গুৱাহাটী মহানগৰীত একাংশ লোকে ক’ভিড নির্দেশনা উলংঘাৰে যাতায়াত কৰি আহিছে৷ মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো ক’ৰোনাৰ সংক্রমণৰ হাৰ সামান্য হ্রাস পোৱাৰ সুযোগ লৈ একাংশ অসচেতন লোকে নির্দেশনা উলংঘাৰে বাহন লৈ চলা–ফুৰা কৰি আহিছে৷

আনলকৰ সময়ছোৱাত জনসমাগম হ্রাস কৰাৰ লক্ষ্যৰে যুগ্ম তাৰিখত যুগ্ম আৰু অযুগ্ম তাৰিখৰ অযুগ্ম নম্বৰৰ বাহন চলাচলৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু এই নির্দেশনা উলংঘাৰে মহানগৰীত এতিয়া একাংশ লোকে বিনা কাৰণত বাহন লৈ ওলাই অহাত মহানগৰীৰ বিভিন্ন স্থানত তীব্র যান–জঁট সৃষ্টি হৈছে৷ ক’ৰোনাৰ সংক্রমণ গুৱাহাটীত সামান্য হ্রাস পোৱাত আজিৰে পৰা দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ পূর্বৰ ১ বজাৰ সান্ধ্য আইন ২ বজালৈ বৃদ্ধি কৰাৰ লগে লগে আজি একাংশ লোকে যুগ্ম–যুগ্ম সংখ্যাৰ বাহন লৈ ওলাই অহা পৰিলক্ষিত হয়৷

অপ্রয়োজনীয়ভাৱে বাহন লৈ ওলাই অহাৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত তীব্র যান–জঁট সৃষ্টি হৈছে৷ তদুপৰি একাংশই আকৌ বজাৰ–সমাৰ কৰিবলৈ বাহন লৈ ওলাই অহাৰ ফলতে ঠাইবিশেষে যান–জঁট সৃষ্টি হৈছে৷ ইয়াৰ উপৰি চৰকাৰী আৰু বেচৰকাৰী কার্যালয়সমূহো খোলা ৰখাত কর্মচাৰীসকলে নিজা নিজা বাহন লৈ কার্যালয়লৈ ওলাই অহাত পুনৰ মহানগৰীত যান–জঁটত উৎকট গৰমত অতিষ্ঠ হ’বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এক কথাত আগবেলা প্রচণ্ড যান–জঁট, বিয়লি উকা ৰাজপথ৷ ইফালে সান্ধ্য আইন শিথিলতাৰ সুযোগ লৈ সান্ধ্য আইনৰ সময়ছোৱাতো ঠাইবিশেষে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ সংক্রমণ সামান্য হ্রাস পোৱাৰ সময়তে এনেদৰে মহানগৰীত ভিৰ কৰা বিষয়টোৱে অনাগত দিনত ভয়াৱহ বিপদ কঢ়িয়াই আনিব৷

RELATED ARTICLES