peepl-small

কাছাৰৰ কালাইনতো বর্বৰোচিত কাণ্ড; ক’ভিড টেষ্ট কৰিবলৈ যোৱা স্বাস্থ্যকর্মীৰ দলক আক্রমণ

PUBLISHED:

গুৱাহাটী: লংকাৰ ফুলতলী চিকিৎসালয়ত আগশাৰীৰ ক’ৰোনা যোদ্ধা চিকিৎসক–চিকিৎসা কর্মীক নির্বিচাৰে প্রহাৰ কৰা ঘটনাই দেশজুৰি তোলপাৰ লগোৱাৰ সময়তে কালিৰ দিনটোত অনুৰূপ আন এক কার্য সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ ক’ভিড টেষ্ট কৰিবলৈ যোৱা স্বাস্থ্যকর্মীৰ দলৰ ওপৰত বর্বৰোচিত আক্রমণ চলোৱাৰ চেষ্টা চলালে এদল উদণ্ডই৷ এই ঘটনাৰ স্থান কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ অন্তর্গত কালাইনৰ সিন্দুৰা চাহ বাগিচা৷ জানিব পৰা মতে, কালাইন সামূহিক চিকিৎসালয়ৰ স্বাস্থ্যকর্মীৰ এটা দল কালি চাহ বাগিচাখনলৈ শ্রমিকসকলৰ ক’ভিড টেষ্টৰ বাবে গৈছিল৷

শ্রমিকসকলে য’ত থাকে, তালৈ গৈ ক’ভিড টেষ্ট কৰিবলৈ স্বাস্থ্যকর্মীৰ দলটোক কৈছিল৷ ইয়াৰ বিপৰীতে স্বাস্থ্যকর্মীৰ দলটোৱে শ্রমিকসকলক নির্দিষ্ট স্থানত উপস্থিত হ’বলৈ কয়৷ শ্রমিকসকলৰ একাংশই সেই কথা মানি লৈ ক’ভিড টেষ্ট কৰায় যদিও আন একাংশই অমান্তি হয়৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয়৷ কিন্তু পাছত স্বাস্থ্যকর্মীৰ দলটো উভতি অহাৰ সময়ত কেইজনমান উদণ্ড যুৱকে আক্রমণৰ চেষ্টা চলায়৷ যুৱককেইজনে স্বাস্থ্যকর্মীৰ দলটোক চোকা অস্ত্র দেখুৱাই ভাবুকি দিয়ে৷

পাছত ঘটনা সন্দর্ভত কালাইন সামূহিক চিকিৎসালয়ৰ উপ–ধীক্ষক ডাঃ সুমন ভৌমিকে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশা অভিযান চলাই ঘটনাৰে জড়িত বাবুল ওৰাং (৩৩), মধু তেলী (২১), বিপন তেলী (২৩) আৰু অজয় মির্ধা (৫০)ক গ্রেপ্তাৰ কৰে৷ বুধবাৰে চাৰিওকে শিলচৰৰ আদালতত হাজিৰ কৰা হয় আৰু আদালতে আটাইকেইজনকে কাৰাগাৰলৈ প্রেৰণ কৰে৷

RELATED ARTICLES