peepl-small

অতি কমেও ১,১৫,০০০ স্বাস্থ্যকর্মীৰ মৃত্যু হৈছে: বিশ্ব স্বাস্থ্য সংস্থা

PUBLISHED:

গুৱাহাটী: ক’ভিড–১৯ প্রাদুর্ভাৱৰ পৰা এতিয়ালৈকে বিশ্বজুৰি অতি কমেও ১,১৫,০০০ স্বাস্থ্যকর্মীৰ মৃত্যু ঘটিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধানম ঘেব্রেয়েছাছে জেনেভাত ক’ভিড–১৯ক লৈ আয়োজিত সংবাদ মেলত এই তথ্য প্রকাশ কৰিছে৷

স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে প্রকাশ কৰা মতে, ক’ভিড–১৯ আৰম্ভৰে পৰা ১৮ মাহজুৰি এই মহামাৰীৰ বিৰুদ্ধে চিকিৎসকসহ স্বাস্থ্যকর্মীসকলে বিশ্বজুৰি জীৱন–মৰণৰ সৈতে যুঁজি আছে৷ এই সময়ছোৱাত একাংশ চিকিৎসক, স্বাস্থ্যকর্মী ঘাতক মহামাৰীত আক্রান্ত হৈছে৷ দুখৰ বিষয় যে আনৰ জীৱন বচাবলৈ গৈ বিশ্বজুৰি ১,১৫,০০০জন স্বাস্থ্যকর্মীৰ মৃত্যু ঘটিছে৷

ইপিনে, ক’ভিড–১৯ ভেকচিন প্রদান কৰাক লৈ বৈষম্য চলি থকা বুলি প্রকাশ কৰি স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয় যে সকলো ভেকচিনৰ ৭৫ শতাংশ কেৱল ১০খন দেশত প্রদান কৰা হৈছে৷ ইয়ে বিশ্বজুৰি এক বৈষম্য সৃষ্টি কৰিছে৷ বিশ্বৰ উন্নয়নশীল দেশৰ লগতে দৰিদ্র দেশৰ ক্ষেত্রত বৈষম্য সৃষ্টি কৰি ১০খন দেশেই উৎপাদিত ভেকচিনৰ অধিকাংশ ক্রয় কৰিছে৷

RELATED ARTICLES