কভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুনৰ এইমছ্ ৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে।ইতিমধ্যে চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃ বিভাগৰ সেৱা,হোষ্টেল,প্ৰশাসনিক বিভাগ,অতিথি শালাৰ বিল্ডিং আদিৰ কাম নাৰ্গাজুনা কনষ্ট্ৰাকচন কোম্পানী চমুকৈ NCC য়ে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ তুলি কৰিছে। আজি এইমছৰ নিৰ্মাণস্থলীৰ কাম কাজ পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
উল্লেখ্য যে প্ৰায় ৭২০খন বিছনাযুক্ত বৃহৎ পৰিসৰৰ আই পি ডি যুক্ত এইখন এইমছ্, দিল্লী এইমছ্ ৰ আৰ্হিত নিৰ্মাৰত।এতিয়া কেৱল চাংসাৰীৰ ৫৭১বিঘা ভূমিত দিন-ৰাতি একাকাৰ কৰি চলিছে নিৰ্মাৰত এইমছ্ ৰ কাম-কাজ।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী অহা ১৭ আগষ্টত নিৰ্মাণৰত এই এইমছ্স্থলীৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ আহিব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।আনহাতে অহা বছৰৰ পৰা চাংসাৰী AIIMS ৰ চিকিৎসা সেৱা আৰম্ভ হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।