peepl-small

কোনো সন্দেহ নাই, আমি ভাল ফলাফল দেখুৱাম নির্বাচনতঃ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ ২ মে’ত হ’ব লগা নির্বাচনৰ ভোটগণনাৰ পাছত ৰাজ্যত কাৰ চৰকাৰ হ’ব, তাক লৈ আৰম্ভ হৈছে ভিন্ন সমীকৰণ–চর্চা৷ ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে অসমত এগ্জিট প’লৰ জৰিয়তে মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি স্পষ্ট কৰি দিছে৷ ভোটগণনালৈ দুটা দিন থকা অৱস্থাত ৰাজ্যৰ শাসক–বিৰোধী উভয়ে চৰকাৰ গঠনৰ পুনৰ সবল দাবী উত্থাপন কৰিছে৷ এনে চর্চাৰ মাজতে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– ভগৱানে যোগ্যজনকহে ৰাজ্যৰ শাসনভাৰ গতাব৷ ভগৱানেও জানে কাৰ হাতত অসমৰ ভৱিষ্যৎ সুৰক্ষিত হৈ থাকিব৷

বৃহস্পতিবাৰে বিশ্বনাথৰ বৰগাঙত সাংবাদিকৰ আগত এই মন্তব্য কৰাৰ লগতে মন্ত্রীগৰাকীয়ে কয়– নির্বাচনক লৈ মোৰ কোনো সন্দেহ নাই৷ বিজেপি আৰু মিত্রদলে যথেষ্ট ভাল ফলাফল দেখুৱাব৷ ২ মে’লৈ সকলোৱে অপেক্ষা কৰক, ৰাইজে চৰকাৰ গঠনৰ বাবে কাক দায়িত্ব দিব সেয়া স্পষ্ট হ’ব৷ ২ মে’ৰ ভোটগণনাৰ পৰা এই তিনিটা দিনত সকলোৱে নিজকে মুখ্যমন্ত্রী, প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতি বুলি যিধৰণে ইচ্ছা সেই ধৰণে চিন্তা কৰিব পাৰে৷ ২ মে’ৰ দিনা স্পষ্ট হৈ পৰিব প্রকৃততে অসমৰ জনতাই কাক বিচাৰে৷

RELATED ARTICLES