peepl-small

সুস্বাস্থ্যৰ বাবে পান কৰক ব্লু টী

PUBLISHED:

গুৱাহাটীঃ ব্লু টী, মানে নীলা চাহ। গ্ৰীন টী, ক’লা চাহ, ৰঙা চাহৰ তালিকাত যোগ হৈছে আন এক চাহ- নীলা চাহ। একাধিক স্বাস্থ্য গুণেৰে ভৰ্তি নীলা চাহে আপোনাক গোটেই দিনটো সতেজ কৰি ৰাখিব পাৰে। কেৱল সেইটোৱেই নহয়, আপোনাক একাধিক স্বাস্থ্যজনিত লাভালাভো দিব পাৰে ব্লু টীয়ে।

কিয় উপকাৰী নীলা চাহ

১) এণ্টিঅক্সিডেণ্ট গুণেৰে ভৰপূৰ নীলা চাহে আপোনাৰ বয়স আপোনাৰ হাততে ৰাখিব। গোটেই দিনটোত সতেজ কৰি ৰখাৰ লগতে শৰীৰ বিষাক্ত পদাৰ্থৰ পৰা মুক্ত ৰাখে।

২) নিয়মীয়াকৈ নীলা চাহ খালে শৰীৰৰ সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি এই চাহ ডায়েবেটিছ ৰোগীৰ বাবে বিশেষভাৱে লাভজনক হয়।

৩) শৰীৰ চৰ্চাৰ ক্ষেত্ৰতে ই বিশেষভাৱে গুৰুত্বপূৰ্ণ। ছাল আৰু চুলিৰ যত্নতো নীলা চাহ ব্যৱহাৰ কৰিব পাৰি।

৪) নীলা চাহ একাপ খাই আপুনি আপোনাৰ দিনটোৰ বাবে এটা বিশেষ শক্তি লাভ কৰিব পাৰে।

৫) গৱেষণাত প্ৰকাশ পোৱা মতে, নীলা চাহে চাঞ্চল্য আৰু হতাশাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

৬) নীলা চাহে কৰ্কট ৰোগৰ আশংকা কমোৱাত সহায় কৰিব পাৰে। নীলা চাহত একাধিক উপকাৰী উপাদান থাকে, যি কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।

আন এক কথা। বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ব্লু টী কিহেৰে প্ৰস্তুত কৰে জানেনে? আচৰিত যেন লাগিলেও সঁচা যে ব্লু টী প্ৰস্তুত কৰা হয় অপৰাজিতা ফুলেৰে। ইয়াক বাটাৰফ্লাই পী ফ্লাৱাৰ টী বুলিও কোৱা হয়। নীলা ৰঙৰ এই ফুল সকলো অসমীয়াৰে পৰিচিত।

RELATED ARTICLES