peepl-small

‘হাতী নৈ’ৰ বিলুপ্তিত হাতীগাঁৱত কৃত্রিম বান

PUBLISHED:

গুৱাহাটী: কৃত্রিম বান গুৱাহাটী মহানগৰীৰ এক জ্বলন্ত সমস্যা হিচাপে বিবেচিত হৈছে৷ এজাক বৰষুণতে মহানগৰীত কৃত্রিম বানে অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ বিশেষকৈ মহানগৰীৰ হাতীগাঁও অঞ্চলত সাম্প্রতিক সময়ছোৱাত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজধানী মছজিদ–লালমাটি সংযোগী হাতীগাঁও পথ এজাক বৰষুণতেই সাগৰসদৃশ হৈ পৰে৷ ফলত যাতায়াতৰ ক্ষেত্রত পথচাৰীসকলে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে৷ দীর্ঘদিন ধৰি নলা–নর্দমা নিষ্কাশন নকৰাৰ লগতে পূর্বে নির্মিত নলাৰ পানী বহন ক্ষমতা হ্রাস পোৱাৰ সমান্তৰালকৈ এচাম অসাধু লোকৰ কাণ্ডজ্ঞানহীন মনোভাবৰ বাবেই অঞ্চলবাসীয়ে বানত ককবকাবলগীয়া হৈছে৷

হাতীগাঁৱৰ লগতে মহানগৰীৰ অন্যান্য অঞ্চলৰ কৃত্রিম বান নিয়ন্ত্রণৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও কৃত্রিম বান নিয়ন্ত্রণত সফল হ’ব পৰা নাই৷ এইক্ষেত্রত স্থানীয় বাসিন্দা তথা প্রাক্তন ছাত্রনেতা নুৰুল হকে কয় যে বৃহত্তৰ হাতীগাঁও অঞ্চলৰ কৃত্রিম বানৰ বাবে জিএমচিয়ে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাই৷ বিশেষকৈ হাতীগাঁও হাইস্কুলৰ পৰা বিষ্ণুজ্যোতি পথলৈকে এজাক বৰষুণতে একঁকাল পানী জমা হয়৷ এইক্ষেত্রত জিএমচি, জিএমডিএ আৰু ৰাজ্য চৰকাৰক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো সুফল পোৱা নাই৷ অৱশ্যে ৰাইজৰ দাবীত বিভাগীয় কর্তৃপক্ষই বানপ্রধান অঞ্চলটো পৰিদর্শন কৰি জোখ–মাপ কৰি যোৱা বুলি তেওঁ কয়৷ কৃত্রিম বানৰ বাবে তেওঁ কেৱল চৰকাৰক দোষাৰোপ কৰাৰ বিপৰীতে ইয়াৰ বাবে স্থানীয় একাংশ লোকক জগৰীয়া কৰে৷ তেওঁ কয় যে অঞ্চলটোত পূর্বে হাতী নৈ আছিল৷ এই হাতী নৈৰে পানী বৈ যোৱাৰ ক্ষেত্রত একাংশ লোকে বাধাৰ সৃষ্টি কৰিছে৷

কিয়নো ১৯৮৩ৰ পিছত বহু লোক আহি হাতী নৈৰ দুয়োকাষে বসতি স্থাপন কৰে৷ নৈৰ দুয়োপাৰে বসতি স্থাপন কৰাৰ লগতে নৈখন বেদখল কৰি সংকুচিত কৰি বহু অট্টালিকা নির্মাণ কৰিছে৷ তদুপৰি একাংশ লোকে নৈখনত আৱর্জনা পেলাই পানী চলাচলত বাধাৰ সৃষ্টি কৰিছে৷ ফলত এজাক বৰষুণতেই অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হয়৷ পানী ওলাই যোৱাৰ সুবিধা নথকাৰ বাবে হাতীগাঁৱৰ ৰাজপথত পানী জমা হৈ যাতায়াত বিঘ্ণিত কৰে৷ এইক্ষেত্রত চৰকাৰৰ লগতে সর্বসাধাৰণ লোক সচেতন নহ’লে কৃত্রিম বানৰ সমস্যা সমাধান কৰিব পৰা নাযাব বুলি তেওঁ মতামত ব্যক্ত কৰে৷ ইপিনে, অঞ্চলটোত গঢ়ি উঠা উপ–পথসমূহত পর্যাপ্ত পৰিমাণৰ নলা–নর্দমা নথকাৰ বাবেও বৰষুণৰ পানী মূল পথলৈ বৈ অহা বুলি প্রাক্তন ছাত্রনেতা হকে জানিবলৈ দিয়ে৷ এইক্ষেত্রত চৰকাৰ–প্রশাসনক বিহিত ব্যৱস্থা গ্রহণৰ লগতে স্থানীয় বাসিন্দাসকলক জধেমধে আৱর্জনা নেপেলাবলৈ আহ্বান জনাইছে৷

RELATED ARTICLES